৭৬ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী।(Republic Day 2025) গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ধুবুৰী প্ৰশাসন, কুচকাৱাজত অংশগ্ৰহণ আৰক্ষী, হোমগাৰ্ড, এন চি চি আৰু ছাত্র-ছাত্ৰীৰ দল। ধুবুৰীত চলিছে পেৰেডৰ অনুশীলনৰ ব্যাপক প্ৰস্তুতি।
স্নিফাৰ ডগ লৈ তন্ন তন্নকৈ তালাচী আৰক্ষীৰ। গণৰাজ্য দিৱস উপলক্ষে, ধুবুৰী চহৰৰ ঐতিহাসিক ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ব্যাপক প্ৰস্তুতি।
আৰক্ষী, অৰ্ধসামৰিক বাহিনী, মহিলা আৰক্ষী, এন চি চি, গৃহৰক্ষী বাহিনী, স্কাউট, জৱাহৰ নৱোদয় বিদ্যালয়সহ মুঠ ১৪ টা প্লাটনৰ দলে ঐতিহাসিক ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত, বিয়লি চলাইছে পেৰেডৰ অনুশীলন। ঠায়ে ঠায়ে তালাচী অবিযান তথা নিৰপত্তাৰ ক্ষেত্ৰত সষ্টম হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন৷

