Mahakumbh Mela: মহাকুম্ভ মেলাত অগ্নিকাণ্ড! দুখন গাড়ীত জুই…

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পুনৰ অগ্নিকাণ্ড৷ মেলালৈ যোৱা মূল পথত ৰখাই থোৱা দুখনকৈ বাহনত জুই৷ অগ্নিকাণ্ডৰ পাছতে মহাকুম্ভ মেলাত বিশৃংখল পৰিৱেশ৷(Mahakumbh Mela) মহাকুম্ভ মেলালৈ যোৱা পথতে সংঘটিত এই অগ্নিকাণ্ড। শনিবাৰে পুৱা পথৰ কাষত ৰখাই থোৱা এখন গাড়ীত জুই লাগে। ইখনৰ পিছত সিখনকৈ দুখন গাড়ী জ্বলি যায় এই অগ্নিকাণ্ডত। এই খবৰ পোৱাৰ লগে লগে ছটা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়।

অগ্নিকাণ্ডত কোনো হতাহতি খবৰ পোৱা নাই, মহাকুম্ভৰ সমীপত হোৱা অগ্নিকাণ্ডই অঞ্চলটোত আতংক বিয়পাইছে। আকাশখন ক’লা ধোঁৱাৰে ভৰি পৰে। ৰখাই থোৱা গাড়ীখনত কেনেকৈ জুই লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

যোৱা ১৯ জানুৱাৰীত কুম্ভ মেলাত সংঘটিত হৈছিল এক অগ্নিকাণ্ড। ১৯ নং ছেক্টৰৰ গীতা প্ৰেছৰ তম্বুটো জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। তাৰ পৰাই ওচৰৰ কিছুমান তম্বুলৈও জুই বিয়পি পৰে। ৫০ টাতকৈও অধিক টেণ্টৰ ক্ষতিসাধন হয়। তম্বুৰ ভিতৰৰ পৰাও চিলিণ্ডাৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। বৰ্তমান মহাকুম্ভ উপলক্ষে প্ৰয়াগৰাজত ভিৰ কৰিছে লাখ লাখ তীৰ্থযাত্ৰী।

Related Articles