গাধৰৰ গাখীৰ যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়,(Halari) ভাৰতত গাধৰৰ এটা বিৰল প্ৰজাতি আছে যিটো হয়তো আটাইতকৈ বিৰল। গুজৰাটৰ হালাৰ অঞ্চলৰ হালাৰী জাতৰ গাধ কেৱল গাখীৰৰ বাবেই বিখ্যাত নহয় বৰঞ্চ এই জাতৰ গাধৰৰ অনন্য বৈশিষ্ট্যই অধিক মূল্যৱান কৰি তোলে। হালাৰী গাধৰ গাখীৰক সোণ বুলি কোৱা হয়। ইয়াৰ ঔষধি গুণেও এই গাখীৰক বিশেষ কৰি তুলে।(Milk)
অতীজৰে পৰা গাধৰৰ গাখীৰ ঔষধি গুণৰ বাবে জনাজাত হৈ আহিছে। আনকি গৰুৰ গাখীৰৰ এলাৰ্জী থকা কেঁচুৱাক গাধৰৰ গাখীৰৰ খোৱাব লাগিব। অধ্যয়নত দেখা গৈছে যে এইবিধ বিৰল প্ৰজাতি গাধৰৰ গাখীৰে অন্ত্ৰৰ মাইক্ৰ’ফ্ল’ৰাৰ উন্নতি সাধন কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে কিছুমান ‘এণ্টি-ডায়েবেটিক’ গুণো আছে।

ছালৰ যত্নতো হালাৰী গাধৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে। ই ছালখনক হাইড্ৰেট কৰে, বলিৰেখা কমায় আৰু ছালৰ উজ্বলতা বৃদ্ধি কৰে। চাবোন, ছালৰ জেল আৰু মুখ ধোৱাৰ দৰে সামগ্ৰীত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে এই গাখীৰৰ। এই গুণসমূহৰ বাবে এই গাখীৰ বিশ্বব্যাপী প্ৰসাধন উদ্যোগতো জনপ্ৰিয় হৈ উঠিছে। এই প্ৰেক্ষাপটত হালাৰী জাতৰ গাধৰ কথা বহু চৰ্চিত হয়।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি হালাৰী জাতৰ গাধৰ সংখ্যা এতিয়া বিপদজনকভাৱে হ্ৰাস পাইছে। গুজৰাট আৰু ৰাজস্থানত দেখা গৈছে এই প্ৰজাতি গাধৰ।
ৰাষ্ট্ৰীয় ঘোঁৰা গৱেষণা কেন্দ্ৰ (এন আৰ চি ই), বিকানেৰে হালাৰী জাতৰ গাঘৰ সংৰক্ষণ আৰু ইয়াৰ গাখীৰৰ গুণৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰিছে। ইয়াক ছালৰ যত্নৰ প্ৰয়োগৰ বাবে পৰীক্ষা কৰা হৈছে। যদি ই ইতিবাচক ফলাফল দিয়ে তেন্তে ই জাতটো সংৰক্ষণ কৰাত সহায় কৰিব আৰু কৃষকৰ বাবে আয়ৰ নতুন উৎস হৈ পৰিব।

