Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস। (Republic Day 2025) ভাৰতবৰ্ষই আজি ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিছে। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰত কাৰ্যকৰী হৈছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে। ড০ ভীম ৰাও আম্বেদকাৰে অধ্যক্ষতাত সংবিধান খচৰা সমিতি গঠন কৰা হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীতে দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। গণৰাজ্য দিৱসত কোনে ক’ত পতাকা উৰুৱালে জানো আহক-

দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ দেশৰ স্বাধীনতা যুঁজাৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী গৰাকীৰ৷

খানাপাৰাত পতাকা উৰুৱালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব মন্ত্ৰী অশোক সিংহলে।

বঙাইগাঁৱত পতাকা উৰুৱালে মন্ত্ৰী কেশৱ মহন্তই।

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

নলবাৰীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷

ধেমাজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী ৰণোজ পেগুৱে।

তেজপুৰৰ নেহৰু ময়দানত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

কামৰূপত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে উৰুৱালে গণৰাজ্য দিৱসৰ পতাকা।

আনহাতে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্যপথত পতাকা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানেও উৰুৱালে পতাকা।

সমগ্ৰ দেশতে উদযাপন গণৰাজ্য দিৱস।



Related Articles