আজি সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে।(Pm Modi on Republic Day) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতে সংবিধান গ্ৰহণ কৰি নিজকে গণৰাজ্য ঘোষণা কৰে। আজিৰ দিনটোত ৰাজধানী দিল্লীত কৰ্তব্যৰ পথত পেৰেড অনুষ্ঠিত হয়। পেৰেডত ভাৰতীয় সংস্কৃতি আৰু সেনাবাহিনীৰ শক্তি প্ৰদৰ্শিত হৈছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে যুদ্ধ স্মৃতিসৌধত উপস্থিত হৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু তিনিওটা প্ৰতিৰক্ষা সেৱাৰ মুৰব্বীসকলো উপস্থিত থাকে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ঠিক ৭৫ বছৰ আগতে আজিৰ দিনটোতে ভাৰতৰ সংবিধান বলবৎ হয়।
গণৰাজ্য দিৱসত পৰিধান কৰা প্ৰধানমন্ত্ৰী মোডীৰ সাজ-পোছাকক লৈ পুনৰবাৰ আৰম্ভ হৈছে আলোচনা। আনহাতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্তব্য পথত উপস্থিত হয়, য’ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ান্টোক আদৰণি জনায়। ইয়াৰ পিছত দ্ৰৌপদী মুৰ্মুৱে পতাকা উত্তোলন কৰিলে। পতাকা উত্তোলনৰ পিছতে গোৱা হয় জাতীয় সংগীত। ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি তাত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিয়ে পতাকাক প্ৰণাম জনায়।
এইবাৰৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো। আনহাতে ১৯৫০ চনত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি সুকাৰ্ণো।

