Mahakumbh: মহাকুম্ভত দুৰ্ঘটনা! বাগৰিল নাও, এন ডি আৰ এফে ৰক্ষা কৰিলে প্ৰাণ

মহাকুম্ভ মেলাত আন এক দুৰ্ঘটনা! যমুনাত তীৰ্থযাত্ৰীৰ নাওখন বাগৰিলে, এন ডি আৰ এফে ৰক্ষা কৰিলে প্ৰাণ।
ইয়াৰে ১০ জন যাত্ৰীৰ ভিতৰত ৮ জন বিহাৰৰ আৰু দুজন ইন্দোৰৰ।(Mahakumbh)

ত্ৰিবেনী সংগমত গা ধুবলৈ নাৱেৰে কুম্ভ মেলালৈ গৈ আছিল এদল তীৰ্থযাত্ৰী। সেই সময়ত তেওঁলোকৰ নাওখন হঠাতে বাগৰি গ’ল। তীৰ্থযাত্ৰীসকল নদীত পৰিল। সহায় বিচাৰি চিঞৰিল। কাষতে আছিল ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্য। পানীত জপিয়াই তীৰ্থযাত্ৰীক উদ্ধাৰ কৰে এন ডি আৰ এফে।

কিলাঘাটৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। পানীত বাগৰি পৰা সকলো যাত্ৰীক উদ্ধাৰ কৰা হয়। ১০ জন যাত্ৰীৰ ভিতৰত ৮ জন বিহাৰৰ আৰু দুজন ইন্দোৰৰ আছিল।

শনিবাৰে পুৱা কুম্ভমেলালৈ যোৱা পথত ৰখাই থোৱা দুখন বাহনত অগ্নিকাণ্ড সংঘটিত হৈছিল। অৱশ্যে শীঘ্ৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাত কোনো লোক আহত হোৱা নাই। এই ঘটনাই আতংক বিয়পাইছিল। আনহাতে যোৱা ১৯ জানুৱাৰীত কুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। ৫০ টাতকৈও অধিক টেণ্ট ধ্বংস হয়। সেই ঘটনাতো কোনো লোক আহত হোৱা নাছিল। আকৌ এইবাৰ সংঘটিত হ’ল নাও দুৰ্ঘটনা।

Related Articles