মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৭৫ চনত স্থাপন হোৱা উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোনালী জয়ন্তী সমাৰোহ দুদিনীয়া(Golden Jubilee) বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় দেওবাৰে। কাৰ্যসূচী অনুসৰি, পুৱা ৭-৩০ বজাত বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি আক্কাছ আলীয়ে। ৮ বজাত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কটহগুৰি মহাবিদ্যালয়ৰ অধ্যাপক্ষ শ্বহিদুল ইছলামে। ৮-৩০ বজাত সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলন কৰা হয়।
এই কাৰ্যসূচীত অভ্যৰ্থনা সমিতিৰ সভাপতি আক্কাছ আলীৰ লগতে অঞ্চলটোৰ কেইবাজনো সমাজ কৰ্মীয়ে অংশ লয়। পুৱা ৯-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। এই শোভাযাত্ৰা শোভাৰম্ভ কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ প্ৰাক্তন যুটীয়া সচিব ইক্ৰামুল হুছেইন, বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোজাম্মিল হুছেইন আৰু ৰাইজৰ দলৰ মুখপাত্ৰ মেহেবুব মুক্তাৰে।
দুপৰীয়া ১১ বজাত প্ৰদৰ্শনী মঞ্চ উন্মোচন কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকাই। বিয়লি ১-৩০ বজাত আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰটো পৰিচালনা কৰে আব্দুল বাছিৰ আৰু জিয়াউৰ ৰহমানে আৰু মঞ্চ মুকলি কৰে লাহৰিঘাট বিধান সভা সমষ্টিৰ বিধায়ক ড০ আচিফ মুহাম্মদ নাজাৰে। ইয়াৰ পিছতেই নবীন কবি বাহাৰুল ইছলামৰ পৃষ্ঠপোষকতাত সমবেত সংগীত অনুষ্ঠিত হয়। উক্ত সভাতেই নবীন কবি বাহাৰুল ইছলামৰ উপন্যাস “জোনক চোৱাৰ হেঁপাহ” উন্মোচন কৰা হয়। আনহাতে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনাত মুখ্য আলোচক হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকে। আবেলি ৪-৩০ বজাত স্হানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত শতৰূপা দেৱী উপস্থিত থাকে।

