বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহ আৰু যুৱ সাংবাদিক তপন কুমাৰ শইকীয়াক বিশেষ সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ। সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক বিশেষ সম্বৰ্ধনা জনায় মটক ছাত্ৰ সন্থাই।(Matok Students Union)
চাবুৱাৰ পানীতোলা জনপ্ৰিয় যুৱক সংঘৰ খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি সভাত লাহোৱাল এছ কে এছ ইংলিছ একাডেমিৰ মুখ্য পৰিচালন সঞ্চালক তথা বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সংগঠনটোৱে বিশেষ সম্বৰ্ধনা জনায়।
লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ প্ৰয়াত শিৱকান্ত শ্বাহ আৰু প্ৰয়াত লক্ষীদেৱী শ্বাহৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক মুকলি সভাত ৰাজ্যখনৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হয়।
আনহাতে সন্ধিয়াৰ অনুষ্ঠিত হোৱা মুকলি সভাত আছাম টকছ আৰু দৈনিক অসম কাকতৰ সাংবাদিক তপন কুমাৰ শইকীয়াক সম্বৰ্ধনা জনাই সদৌ অসম মটক ছাত্ৰ সন্থাই। যুৱ সাংবাদিক গৰাকীক এখন মটক গামোছা, চেলেং, মানপত্ৰৰে সম্বৰ্ধনা জনায়।

