Tinsukia News: তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক

তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক৷(Tinsukia News)

যোৱা ১৫ ডিচেম্বৰত কাকপথাৰত এগৰাকী ব্যৱসায়ীক ধন দাবীৰ ঘটনা সংঘটিত হৈছিল৷

ঘটনাৰ সৈতে জড়িত মিন্টু মৰাণ নামৰ এজন যুৱকক পেঙেৰী আৰক্ষীয়ে কাকপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

ঘটনাৰ সৈতে জড়িত সুৰজিত মৰাণ ওৰফে কলিয়া নামৰ এজন যুৱক পলাতক হৈ আছিল ৷

পলাতক সুৰজিত মৰাণক আজি ভাৰতীয় সেনাই আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে ৷

আটকাধীন সুৰজিত মৰাণ ওৰফে কলিয়া পেঙেৰী নলনি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

সুৰজিত ওৰফে কলিয়া বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপৰ লগতে নিষিদ্ধ সংগঠনৰ লগত জড়িত বুলি জানিব পৰা গৈছে ৷

Related Articles