যোৰহাটৰ সাহপুৰীয়া গাঁৱত ২০০৩ চনৰ ৭ডিচেম্বৰ তাৰিখে জন্ম হোৱা শিল্পীশিখা শইকীয়া সাহপুৰীয়া অঙ্গনৱাড়ী কেন্দ্র, সাহপুৰীয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি ২০১৪ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। (Book Launch)
উচ্চতৰ মাধ্যমিক শ্ৰেণীত গুৰুকুল শিক্ষায়তন জুনিয়ৰ কলেজত অধ্যয়ন কৰা পাছত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ২০২১ চনত নামভৰ্তি কৰি ২০২৪ চনত অসমীয়া বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। বৰ্তমান উক্ত মহাবিদ্যালয়খনতে অসমীয়া বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত।
যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক শ্ৰেণীৰ ষষ্ঠ ষাণ্মাসিকত অধ্যয়ন কৰি থাকোঁতেই প্ৰতিগৰাকী শিক্ষার্থীকে বিভাগীয় মুৰব্বীয়ে একোটাকৈ প্ৰকল্প প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিল। ছাত্ৰী শিল্পীশিখা শইকীয়াই প্ৰস্তুত কৰা প্ৰকল্প “‘পৰ্যটকৰ আকৰ্ষণৰ স্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্র” ক ছপা ৰূপ দি ৩১ জানুৱাৰীত শুভ উন্মোচন কৰে।
যোৰহাটৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্রত শিৱসাগৰ জিলাৰ নামতি খেজুৰিতলৰ চিলড্ৰেন হাউছ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী অঞ্জুশ্ৰী দোলাকাষৰীয়াই “পৰ্যটকৰ আকৰ্ষণস্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। উল্লেখ্য যে দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰা শিল্পীশিখা শইকীয়াই লেখা এই গ্ৰন্থখনে শিল্পীশিখা শইকীয়াৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।

