বিলাসীপাৰা মিউজিক ফেষ্টিভেল ২০২৫ত নিশা অপ্ৰীতিকৰ পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী। লণ্ডভণ্ড কৰিলে মঞ্চ, বিভিন্ন আচবাব পত্ৰ।(Music Festival)
শনিবাৰে নিশা বিলাসীপাৰাৰ আই এন এ খেল পথাৰত আয়োজিত কৰিছিল মিউজিক ফেষ্টিভেল। ফেষ্টিভেলত প্ৰৱেশ মূল্য আছিল দুই হাজাৰ টকা, একহাজাৰ টকা আৰু পাঁচ শ টকা। ফেষ্টিভেলৰ মুখ্য অতিথি শিল্পী আছিল মুম্বাই চিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ৰিতু পাঠক।
চেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰুোতা। নিশা এটা বজালৈকে শিল্পী গৰাকীক মঞ্চত আমন্ত্ৰণ নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে। আয়োজক সমিতিৰ এনে কৰ্মকাণ্ডত উত্তেজিত হৈ ৰাইজে মঞ্চত থকা হাজাৰ হাজাৰ চকী ভাঙি চূৰমাৰ কৰে। এয়াই নহয় একাংশ উত্তেজিত ৰাইজে নিজৰ পইচা খৰচৰ বাবদ মঞ্চৰ পৰা চকী মূৰত তুলি লৈ যায়।
বিলাসীপাৰা আৰু ধুবুৰীৰ এফ এইচ প্ৰডাকচন আৰু হাঙ্গৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল নাইটৰ। আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবেই এনে কৰ্ম কাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উঠিছে।মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপাৰাৰ গুণ গৰিমাক ধূলিসাৎ কৰা আয়োজক সমিতিক বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহনা জনাইছে। আয়োজক সমিতিৰ বিৰুদ্ধে জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।ইতিমধ্যে সোধপোছৰ বাবে আয়োজক সমিতিৰ কেইবাজনক আটক কৰা বুলি জানিব পৰা গৈছে।

