নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। (Delhi Stampede)
হেঁচা-ঠেলাত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু।
১৫জনতকৈও অধিক লোক আহত হৈছে। (New Delhi)
মহাকুম্ভলৈ যাবলৈ ষ্টেচনটোত হৈছিল ব্যাপক জনসমাগম।
শনিবাৰে নিশা এই ঘটনা সংঘটিত হয়।
ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
X হেণ্ডেল যোগে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীগৰাকীৰ।
শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।
ঘটনাক কেন্দ্ৰ কৰি প্রতিক্রিয়া প্রকাশ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী আতিশী মার্লেনাৰ, তেওঁ কয় যে মহাকুম্ভৰ বাবে যোৱা ভক্তৰ সৈতে ঘটা এনে ঘটনা অত্যন্ত দুখজনক, কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰ প্ৰদেশৰ চৰকাৰ মানুহৰ সুৰক্ষাক লৈ চিন্তিত নহয়।
ইয়াৰ উপৰিও গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীও এই ঘটনাত মৰ্মাহত।

