তেলেংগানাৰ শ্ৰীশৈলাম সুৰংগত আবদ্ধ আঠজন শ্ৰমিক। (Tunnel Collapsed) আঠজন শ্ৰমিকক উদ্ধাৰৰ চেষ্টা চলাইছে উদ্ধাৰকাৰীয়ে, পানী আৰু বোকাত মৃত্যুৰ সৈতে যুঁজি আছে আঠজনকৈ শ্ৰমিকে।শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ উচ্চ শক্তিৰ পাম্প ব্যৱহাৰ কৰি প্ৰতি মিনিটত ৪৫০০ লিটাৰ পানী পাম্প কৰি উলিয়াই দিয়া হৈছে। দীঘলীয়া সুৰংগটোৰ ভিতৰত প্ৰায় ১৩ কিলোমিটাৰ দূৰত্বত উপস্থিত হৈছে উদ্ধাৰকাৰী দলটো।
৪৫ ঘণ্টাৰ পাছতো নাই কোনো সুখবৰ। ইপিনে সুৰংগত আবদ্ধ ৮ জনকৈ শ্ৰমিক। সুৰংগৰ ভিতৰত মৃত্যুৰে যুঁজি আছে শ্ৰমিককেইজনে।(Telangana)
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২৮ জন, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২০ জন, ভাৰতীয় সেনাৰ ২৪ জন সদস্যই উদ্ধাৰ অভিযান চলাই আছে। কয়লা খনিৰ ২৩ জন শ্ৰমিকেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
এজন প্ৰশাসনিক বিষয়াই জনোৱা মতে, সুৰংগটোৰ ভিতৰৰ এটা ভয়ংকৰ পথেৰে উদ্ধাৰকাৰী দলটো দ্ৰুতগতিত আগবাঢ়িছে। উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ সোমবাৰে পুৱা তেলেংগানা চৰকাৰৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাও উপস্থিত হয়।
শনিবাৰে পুৱা তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম সুৰংগ ভাঙি পৰে। স্থানীয় প্ৰশাসনৰ এক বিবৃতিত কোৱা হৈছে যে জলসিঞ্চনৰ উদ্দেশ্যে নিৰ্মাণ হৈ থকা ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ১৪ কিলোমিটাৰ পইণ্টৰ সমীপত তিনি মিটাৰ এলেকা আৱৰি থকা এখন দেৱাল ভাঙি যায়। সেই সময়ত সেই অঞ্চলত কেইবাজনো শ্ৰমিকে কাম কৰি আছিল। সুৰংগ ভাঙি আবদ্ধ হৈ পৰে ৮ জন লোক।

