ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু (Dhakuakhana News)অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগিতাত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি শতাধিক ছাত্র ছাত্রীৰ উপস্থিতিত উদযাপন কৰা হয়। “বিক্ষিত ভাৰতৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ বিশ্বব্যাপী নেতৃত্বৰ বাবে ভাৰতীয় যুৱক-যুৱতীক শক্তিশালী কৰা” বিষয়বস্তু হিচাপে লৈ এখনি সজাগতা সভা অনুষ্ঠিত হয় প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত ৷ শিক্ষক প্ৰশিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই আতঁধৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ঢকুৱাখনা মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমল চন্দ্ৰ দত্তই ৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকি দত্তই কয় যে- ১৯৮৭ চনৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন আৰম্ভ হৈছিল । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে দেশত বৈজ্ঞানিক চিন্তাধাৰা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীসকলক গৱেষণাৰ বাবে অনুপ্ৰাণিত কৰা । লগতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ আৰম্ভণিক লৈও কলে দত্তই ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আচলতে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে বাৰ্তা প্ৰচাৰৰ বাবে পালন কৰা হয়। মানৱ কল্যাণৰ বাবে বিজ্ঞানৰ সকলো কাম-কাজ, কৰি থকা কাম আৰু কৃতিত্ব প্ৰদৰ্শন কৰাও ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উদ্দেশ্যত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসতো বিজ্ঞানৰ ক্ষেত্ৰখনৰ উদীয়মান বিষয় বা ধাৰাসমূহৰ বিষয়ে আলোচনা কৰা হয় আৰু প্ৰযুক্তিভিত্তিক সমাধান বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰচাৰ আৰু প্ৰচাৰৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ উদ্দেশ্যেও ইয়াক উদযাপন কৰা হয়। ইপিনে অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীও কৰ্মচাৰী সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সুন্দৰ কৰি তোলে ৷

