মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আজি অনুষ্ঠিত হয়।(Margherita) পৰিষদৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে মাৰ্ঘেৰিটা শাখা সাহিত্য সভা কাৰ্যলয়ত দিনযোৰা কাৰ্যসূচীয়ে প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি অৱনি চলিহাই।স্মৃতি তৰ্পণ কৰে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজসেৱক নৰেশ্বৰ হাজৰিকাই। ইয়াৰ পিছতে কেন্দ্ৰীয় সমিতি সভাপতি অৱনি চলিহা সভাপতিত্বত তিনিচুকীয়া জিলা প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজসেৱক ক্ৰমে নৰেশ্বৰ হাজৰিকা, থগিত চাংমাই,ৰামনিৱাস জিন্দাল, উমেশ বড়াসহ তিনিচুকীয়া জিলা বহু সংখ্যক গণ্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। সংসদীয় ৰাজনীতিৰ বাহিৰত থাকি অসমৰ জনগণৰ হৈ মাত মাতি যাব বুলি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৱনি চলিহাই অৱৰ্গত কৰে।

