আজি দিনযোৰা কাৰ্যসূচীৰে লংকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহতে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াই আৰু অনুষ্ঠানৰ আঁত ধৰে জিলা সাধাৰণ সম্পাদক শ্ৰী প্ৰণৱ চৌধুৰী দেৱে।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰদীপ দত্ত দেৱ, সম্পাদক প্ৰধান শ্ৰীযুত মৃণাল দাস দেৱ, উপ-সভাপতি জামাল আহমেদ ডাঙৰীয়া আৰু বহু কেইগৰাকী অতিথিবৃন্দ।সভাত কৰ্মচাৰী সকলৰ সমস্যা সম্পৰ্কে বিতংকৈ আলোকপাত কৰা হয় আৰু বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সম্পাদক প্ৰধানে বিশেষকৈ কৰ্মচাৰী সকলৰ বিনামূলীয়া চিকিৎসা সেৱা,এন.পি.এচ. ৰ সলনি পুৰণি পেঞ্চন আচঁনি,টে’ট শিক্ষকৰ সমস্যা,মৰগীয়া বানচ আৰু বহু কেইটা মৌলিক সমস্যাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।সন্ধিয়া ৬ বজাত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ মাননীয় সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ আৰু শলাগৰ শৰাইৰে সভাৰ সফল পৰিসমাপ্তি ঘটে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!