সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) ৰ হোজাই জিলা সমিতিৰ উদ্যোগত নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল | জানিব পৰা মতে হোজাই জিলা উপায়ুক্ত সাদনেক সিং ৰ অনুমতি লৈ হোজাই জিলা আমছু সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য কৰিছিল যদিওঁ আকস্মিক বাবে জিলা উপায়ুক্তই ৫ ফেব্ৰুৱাৰী তাৰিখে ৰাতি প্ৰায় ১১/১২ মান বজাত মেচেজ যোগে অধিবেশনখন নাকচ কৰা হৈছে বুলি জানিবলৈ দিয়ে | হোজাই জিলা আমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশন নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিব নোৱাৰাত নীলবাগান সপ্তাহিক বজাৰৰ কাষত ব্যক্তিগত খণ্ডৰ ভূমিত অতি সুন্দৰ বাবে নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাৰ আয়োজন কৰি শক্তিশালী এখন হোজাই জিলা আমছু সমিতি গঠন কৰে | জানিব পৰা মতে, নৱ গঠিত হোজাই জিলা আমছু সমিতিৰ মুখ্য উপদেষ্টা ফাহিম ইকবাল মজুমদাৰ, সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্য্যকৰী সভাপতি মামুন ৰশিদ, সাধাৰণ সম্পাদকদ্বয় লুতফুৰ ৰহমানক আৰু ৰাজীৱ লস্কৰ লৈ ৭১ জনীয়া এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় | এই সভাত প্ৰায় দুই শতাধিক আমছু কৰ্মকৰ্তায় অংশগ্ৰহণ কৰিছিল। ইয়াত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত আছিল মনৱাৰ হুছেইন আৰু গিয়াছ উদ্দিন তাফাদাৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…