Holi 2025: ১৫ মাৰ্চলৈকে হোলী খেলিবলৈ অনিচ্ছুক ব্যক্তিৰ গালৈ ৰং সানিলে ভৰিব জৰিমনা!আৰু কি কি নিয়ম…

হায়দৰাবাদ আৰক্ষীৰ লগতে চাইবেৰাবাদ আৰক্ষীয়ে হোলী উৎসৱৰ সময়ত অনিচ্ছুক লোকৰ ওপৰত ৰং বা ৰঙীন পানী নিক্ষেপ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। ১৩ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা বলবৎ হ’বলগীয়া এই নিৰ্দেশ ১৫ মাৰ্চৰ পুৱা ৬ বজালৈকে বলবৎ হ’ব।(Holi 2025)আৰক্ষীয়ে কয় যে “হায়দৰাবাদ চহৰৰ ৰাজহুৱা পথ আৰু ৰাজহুৱা স্থানত অনিচ্ছুক ব্যক্তি, ঠাই আৰু বাহনৰ ওপৰত ৰং বা ৰঙীন পানী নিক্ষেপ কৰা বা অনিচ্ছুক লোকক ৰং সনা কাৰ্য” নিষিদ্ধ কৰিছে।

ইয়াৰ উপৰিও “দুচকীয়া বাহন আৰু অন্যান্য বাহন দলবদ্ধভাৱে ৰাজপথ আৰু ৰাজহুৱা স্থানত চলাচল কৰি শান্তি-শৃংখলা বিঘ্নিত কৰা আৰু বা জনসাধাৰণৰ বাবে অসুবিধা, বিৰক্তি বা বিপদৰ সৃষ্টি কৰা” নিষিদ্ধ কৰা হৈছে। আদেশ উলংঘা কৰা ব্যক্তিয়ে ভৰিব লাগিব জৰিমনা।

বিহাৰ আৰু উত্তৰ প্ৰদেশৰ একাংশ নেতাই হোলীৰ সময়ত মুছলমানসকলক ঘৰৰ ভিতৰতে থাকিব লাগে বা নিজকে ঢাকি ৰাখিব লাগে বুলি পৰামৰ্শ দিয়া মন্তব্যৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এই সপ্তাহত ৰমজানত শান্তিপূৰ্ণভাৱে হোলী আৰু শুকুৰবাৰৰ নামজ উদযাপনৰ আহ্বান জনোৱা হৈছে।

আনহাতে বিভিন্ন অঞ্চলৰ ধৰ্মগুৰুসকলে প্ৰাৰ্থনাৰ সময় সালসলনি কৰিছে। অযোধ্যাত শুকুৰবাৰৰ নামাজ দুপৰীয়া ২ বজাৰ পিছত হ’ব, আনহাতে সম্ভলত দুপৰীয়া ২:৩০ বজাত হ’ব। জমিয়ত উলেমা-ই-হিন্দৰ উত্তৰাখণ্ডৰ সভাপতি মৌলানা আৰিফ কাছমীয়ে হৰিদ্বাৰতো একেধৰণৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰি কয় যে, “আমি শুকুৰবাৰৰ নামাজৰ সময় সলনি কৰিছো যাতে কোনেও কোনো সমস্যাৰ সন্মুখীন নহয় আৰু হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ আৰু শান্তি থাকে।”

Related Articles