মূল্যবৃদ্ধিৰ জুইত দগ্ধ দেশবাসীক পুনৰ গেছ আৰু তেলৰ শুল্ক বৃদ্ধিৰে মাধমাৰ শোধালে কেন্দ্ৰীয় চৰকাৰে।(LPG price up Rs 50) শেহতীয়া চৰকাৰী সিদ্ধান্ত অনুসৰি সমগ্ৰ দেশতে বাণিজ্যিক আৰু ঘৰুৱা উভয় শ্ৰেণীৰ এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰতো এই দামবৃদ্ধি কাৰ্যকৰী হ’ব।প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আঁচনিকে ধৰি সকলো ধৰণৰ ঘৰুৱা গেছ চিলিণ্ডাৰ দাম বৃদ্ধি ৫০ টকাকৈ বৃদ্ধি পাব।
চৰকাৰী তথ্য অনুসৰি ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই ৰন্ধন গেছ চিলিণ্ডাৰৰ নতুন নিৰিখ।গেছৰ দাম বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই বৃদ্ধি। প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই সন্দৰ্ভত পুনৰীক্ষণ কৰা হ’ব বুলিও তেওঁ কয়। এনে দাম বৃদ্ধিৰ ফলত অসমত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৰ্তমানৰ ৮৫২ টকাৰ পৰা ৯০২ টকালৈ বৃদ্ধি পাব।ইপিনে এলপিজি চিলিণ্ডাৰৰ লগতে মঙলবাৰে মাজনিশা কাৰ্যকৰী হোৱাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰো দাম।
মূল্যবৃদ্ধিয়ে কোঙা কৰা সাধাৰণ জনতাৰ বাবে এটা দুঃখবৰ। মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজহ বিভাগৰ এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।নতুন নিৰিখ অনুসৰি প্ৰতি লিটাৰত বাঢ়িব ২ টকাকৈ আবকাৰী শুল্ক । বৰ্তমান চৰকাৰে পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত ১৯.৯০ টকা আবকাৰী শুল্ক হিচাপে আদায় কৰে। মঙলবাৰৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’লত এই নিৰিখ বৃদ্ধি পাব ২১.৯০ টকাকৈ ।একেদৰে ডিজেলৰ ওপৰত বৰ্তমানৰ আবকাৰী শুল্ক হৈছে প্ৰতি লিটাৰত ১৫.৮০ টকা । মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰত এই নিৰিখ বৃদ্ধি পাব ১৭.৮০ টকালৈ।
ৰাজধানী দিল্লীত আজিৰ তাৰিখত পেট্ৰ’লৰ খুচুৰা বিক্ৰী মূল্য প্ৰতি লিটাৰত ৯৪.৭৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৭.৬৭ টকা ।সোমবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ ওপৰ পৰা ৬৩ মাৰ্কিন ডলাৰলৈ অৱনমিত হোৱাৰ ফলত তেল বিপণন কোম্পানীসমূহৰ (অ’ এম চি) মাৰ্জিন বৃদ্ধি পাইছে । তেলৰ মূল্যৰ এই অস্বাভাৱিক হ্ৰাসৰ বাবে হয়তো চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিবলৈ বাধ্য হৈছে ।উল্লেখ্য যে, আজিৰ দিনটোত অসম(গুৱাহাটী) ত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে ৯৮.৯৯ টকা আৰু এই মূল্য ডিজেলৰ ক্ষেত্ৰত ৮৯.৪৪ টকা/প্ৰতি লিটাৰ । অৱশ্যে খুচুৰা মূল্যত এই আৱকাৰী শুল্ক আৰোপৰ কি প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াও চৰকাৰীভাবে প্ৰকাশ কৰা হোৱা নাই। বিশেষ সূত্ৰই সদৰী কৰা মতে, খুচুৰা মূল্য সলনি হোৱাৰ সম্ভাৱনা নাই।

