ছৌদি আৰবে ভাৰতকে ধৰি ১৪খন দেশৰ নাগৰিকৰ বাবে উমৰা,(Saudi Arabia Visa ban) ব্যৱসায়িক, আৰু পৰিয়ালৰ ভ্ৰমণৰ ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিছে৷ এই নিষিদ্ধকৰণ ২০২৫ চনৰ জুন মাহৰ মাজভাগলৈকে কাৰ্যকৰী হৈ থাকিব৷ ফলত এই নিষিদ্ধকৰণে ভাৰতৰ হজ তীৰ্থযাত্ৰীসকলক বিপাঙত পেলাব বুলি ধাৰণা কৰা হৈছে৷ প্ৰতিবেদন অনুসৰি এই সিদ্ধান্তৰ লক্ষ্য হৈছে হজৰ সময়ত অতিমাত্ৰা ভিৰ নিয়ন্ত্ৰণ কৰা আৰু সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ সমাধান কৰা।
ছৌদি কৰ্তৃপক্ষই ২০২৫ চনৰ ১৩ এপ্ৰিলক উমৰাহ ভিছা প্ৰদানৰ শেষ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে, হজ সমাপ্ত নোহোৱালৈকে উক্ত ১৪ খন দেশৰ নাগৰিকসকলক এই ধৰণৰ নতুন ভিছা প্ৰদান কৰা নহয়।খবৰ অনুসৰি ভাৰত আৰু অন্যান্য তালিকাভুক্ত দেশৰ একাংশ ব্যক্তিয়ে উমৰাহ বা ভিজিট ভিছা লৈ ছৌদি আৰৱত প্ৰৱেশ কৰি চৰকাৰী ভাবে পঞ্জীয়ন নকৰাকৈয়ে হজ পালনৰ বাবে অতিৰিক্ত সময় থাকে।
সূত্ৰ অনুসৰি, ছৌদি কৰ্তৃপক্ষই ২০২৪ চনত হজৰ সময়ত ১২০০ৰো অধিক তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ পিছত অতিমাত্ৰা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিষয়াসকলে যুক্তি আগবঢ়ায় যে এনে ট্ৰেজেডীৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ ভিছাৰ নিয়ম কঠোৰ কৰাটো অতি প্ৰয়োজনীয়।চৌদি আৰৱৰ হজ আৰু উমৰা মন্ত্ৰালয়ৰ মতে, এই পদক্ষেপ নিৰাপদ ভাবে তীৰ্থযাত্ৰীক নিৰাপত্তাৰ নিশ্চয়তা প্ৰদানৰ কৰিব৷ প্ৰতিবেদন অনুসৰি পঞ্জীয়নভুক্ত তীৰ্থযাত্ৰীসকলে নিজৰ পৰিকল্পনা আগবঢ়াই নিব পাৰিব কাৰণ কূটনৈতিক ভিছা, ৰেচিডেন্সি পাৰ্মিট, আৰু হজ নিৰ্দিষ্ট ভিছাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ইফালে, ছৌদি কৰ্তৃপক্ষই সকীয়াই দিছে যে অনুমোদন অবিহনে হজ কৰা বা অনুমোদিত সময়সীমা অতিক্ৰম কৰা ব্যক্তিসকলে পাঁচ বছৰৰ বাবে প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।
চৌদি আৰবে এবছৰৰ বহু প্ৰৱেশ ভিছা অনিৰ্দিষ্টকাললৈ সাময়িকভাৱে বন্ধ কৰি দিয়াৰ পিছত আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৩০ দিনৰ বাবে বৈধ একক প্ৰৱেশ ভিছালৈ এই ১৪খন দেশৰ পৰা যাত্ৰা নিষিদ্ধ কৰাৰ পিছত এই ভিছা নিষেধাজ্ঞাৰ সৃষ্টি হৈছে৷ ৪–৯ জুনত অনুষ্ঠিত হ’বলগীয়া হজ ২০২৫ৰ আগতেই প্ৰৱেশত আৰু অধিক বাধা আৰোপ কৰাৰ কথাই বহুতোকে চিন্তিও কৰি তুলিছে। প্ৰতিবেদনত ১৩খন দেশৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে আৰু মুঠ ১৪খন দেশৰ নাম নিশ্চিত কৰা হৈছে৷বভিছা নিষিদ্ধ হোৱা দেশৰ ভিতৰত আছে আলজেৰিয়া, বাংলাদেশ, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাক, জৰ্ডান, মৰক্কো, নাইজেৰিয়া, পাকিস্তান, চুদান, টিউনিচিয়া আৰু য়েমেন৷

