অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা হিচাপে সুপৰিচিত মাজুলী(Majuli News) জিলা সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ আহ্বান মৰ্মে “নিজৰ দিন”ৰ কাৰ্যসূচী সফলতাৰে পালন কৰে। সেই অনুসৰি অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি তথা সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই অহা মাজুলীৰ ভিন্ন অঞ্চলৰ পাঁচ গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সত্ৰ-নামঘৰ আৰু ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। কালি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ৰামসাগৰ নাথ, মাজুলী জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মনোজ্যোতি ৰেগন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ উপসভাপতি ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱা, সম্পাদক সঞ্জীৱ বৰা, প্ৰাক্তন উপসভাপতি ৰুবী শইকীয়া, প্ৰাক্তন সম্পাদক কেশৱ কাকতি, ত্ৰিৱেণী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰবীন শইকীয়া, সভাপতি দিলীপ শইকীয়া, সম্পাদক ত্ৰিদিপ হাজৰিকা, ৰাৱনাপাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ বৰা, সাহিত্যকৰ্মী তীৰ্থ শইকীয়া, মৃণাল বৰুৱা প্ৰমুখ্যে মাজুলী জিলা সাহিত্য সভাৰ জাতীয় সাজ পৰিধান কৰা এটি প্ৰতিনিধি দলে বিশিষ্ট মুখা শিল্পী তথা শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী, শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী হৰিদেৱ গোস্বামী, সমাজকৰ্মী-শিক্ষাব্ৰতী বিদ্যাসাগৰ দেউৰী, কাৰ্কিচুকৰ অৱসৰপ্ৰাপ্ত শিক্ষক সোণাধৰ মিলি আৰু শ্ৰীশ্ৰী এলেঙী টকৌবাৰী সত্ৰৰ সত্ৰাধিকাৰ ঋষভ মহন্তক অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা, থলুৱা শিপিনীয়ে বোৱা ফুলাম গামোচা, চেলেং-চাদৰ আৰু গুৱা-পাণেৰে ‘নিজৰ দিন’ৰ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত চমু বক্তব্য প্ৰদান কৰি সম্বৰ্ধিত পাঁচোগৰাকী ব্যক্তিয়ে জিলা সভাৰ এনে পদক্ষেপে তেওঁলোকক উৎসাহিত কৰিছে বুলি উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।।

