ভাৰত-পাক উত্তজেনাৰ মাজতে পাকিস্তানে পৰীক্ষণ(Pakistan’s missile test)কৰিলে বেলিষ্টিক মিছাইল৷ বাতৰি অনুসৰি পাকিস্তানে শনিবাৰে ৪৫০ কিলোমিটাৰ দূৰত্বভেদী পৃষ্ঠৰ পৰা পৃষ্ঠলৈ মাৰি পঠিয়াব পৰা বেলিষ্টিক মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ কৰে। ২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে আৰু জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰায় দৈনিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক কাৰ্যকলাপৰ প্ৰতি সঁহাৰি জনাই—পাকিস্তানী নাগৰিকৰ ভিছা স্থগিত ৰখা, পাকিস্তানী উচ্চায়ুক্তত কৰ্মচাৰী কৰ্তনৰ নিৰ্দেশ দিয়া, আটাৰী সীমান্ত বন্ধ কৰাকে ধৰি—পাকিস্তানে শক্তি প্ৰদৰ্শন হিচাপে অঞ্চলটোত সম্ভাৱ্য ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সংকেত প্ৰদান কৰি বাৰে বাৰে নটিছ(Notices to Airmen) জাৰি কৰিছে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে ২৩ এপ্ৰিলৰ নিশা পৰীক্ষামূলক গুলীচালনাৰ বাবে ২৪ ঘণ্টাৰো কম সময়ৰ জাননী দি প্ৰথমটো নটাম জাৰি কৰিছিল যদিও কোনো ধৰণৰ বেলিষ্টিক মিছাইল পৰীক্ষণ কৰা নাছিল৷
ইয়াৰ কিছু সময়ৰ পিছতে ২৬-২৭ এপ্ৰিলত কৰাচীৰ উপকূলত পাকিস্তানী নৌসেনাৰ জাহাজে গুলীচালনাৰ অধিসূচনা জাৰি কৰা হয় যদিও কোনো গুলীচালনাৰ অনুশীলন কৰা নহ’ল। দুবাৰকৈ চেষ্টা নকৰাৰ পিছত পাকিস্তানে ৩০ এপ্ৰিল- ২ মে’ত ভাৰতৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ ওচৰত গুলীচালনাৰ তৃতীয়টো চেষ্টাৰ পুনৰাবৃত্তি কৰিছিল, কিন্তু সফল হব নোৱাৰিলে৷

