অসম মৎস্য সম্পদৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধশালী।(State Fish of Assam)ইয়াৰ নদী, বিল, জলাশয় আৰু পুখুৰীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়। সেইবোৰৰ ভিতৰত নাৰ, বাট, পাভ, নেৰিয়া, পিঠিয়া, মোৱা, ডৰিকণা,আৰি, চিতল, ৰৌ, কাৱৈ, খলিহনা, পুঠি, মাগুৰ, বামী, টোৱা, শিঙি, শল, শাল, কুঢ়ি, কাৱৈ, ভকুৱা, মোৱা, কুচিয়া, তোৰা, বটীয়া, চিতল, ইলিচ, শিলঘঁৰিয়া, মালি, চেঙেলী, লাচিম, ভাঙন, চেলকনা, কৰতী, বৰিয়লা, ভেদেংকালি, আদি অন্যতম। এই মাছবোৰ অসমীয়া সংস্কৃতি আৰু খাদ্যাভ্যাসৰ এক অবিচ্ছেদ্য অংশ।
অসমীয়া গীত-মাততো মাছৰ প্ৰসংগ দেখা যায়। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পোৱা”, “নয়া নদীৰ নয়া কুল, মাগুৰ মাছৰ বিলাহী জোল”, “মাছৰ সোৱাদ ৰৌ, আঞ্জাৰ সোৱাদ ঔ”, “অধিক মাছত বগলী কণা” “কাৱৈ মাছক কচি কাটিয়া, হালধি মৰিষ তৈলে ভাজিয়া”, “মোৱা মাছ পকনি, কলডিল শুকনি, আয়ে ভোজন বুলি লয়।” অতি সম্প্ৰতি অত্যধিক মাছ ধৰা, পৰিৱেশ প্ৰদূষণ, জলাশয়ৰ সংকোচন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই থলুৱা মাছৰ প্ৰজাতিসমূহ বিপন্ন হৈ পৰিছে। সেয়েহে এই মাছৰ সংৰক্ষণ অতি জৰুৰী।
থলুৱা মাছৰ সুৰক্ষাৰ বাবে এপ্ৰিলৰ পৰা জুলাইলৈ মাছ ধৰাত আইনী নিষেধাজ্ঞা জাৰি কৰা হয় যদিও ই আজিও কেৱল এখন মাত্ৰ জাননীৰ দৰেই হৈ থকা পৰিলক্ষিত হয়। সমাজৰ শিক্ষিত বুলি ভবা বহু মানুহে কণী লগা মাছৰ জুতি লগাই এসাঁজ খোৱাৰ চিন্তাও এই সময়তে কৰি আনন্দ লোৱাৰ লগতে সংৰক্ষণৰ কথা কোৱা লোকসকলক উপলুঙা, ইতিকিং কৰাহে অধিক দেখা পোৱা যায়।
থলুৱা মাছ সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত সংৰক্ষণ মনোভাৱৰ বিকাশৰ বাবে অসমৰ ৰাজ্যিক মাছৰ অভাৱ অনুভৱ কৰা হয়। আমাৰ দেশৰ বহুকেইখন ৰাজ্যত ৰাজ্যিক মাছ আছে যদিও আমাৰ ৰাজ্যত কোনো থলুৱা মাছকে ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰা হোৱা নাই। অসমৰ জলজ জীৱবৈচিত্ৰ্য প্ৰকৃতিৰ এক অমূল্য সম্পদ। অসমৰ বিল, আৰু জলাশয়ত প্ৰায় ২০০ৰো অধিক মাছৰ প্ৰজাতি পোৱা যায়। মাছৰ প্ৰজাতিসমূহ অসমৰ নৈপৰীয়া লোকসকলৰ জীৱন-জীৱিকাৰ মূল ভিত্তি আৰু খাদ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ উৎস। কিন্তু অত্যধিক মাছ ধৰা, উদ্যোগৰ বিষাক্ত পদাৰ্থ, প্লাষ্টিক দূষণ আৰু জলবায়ু পৰিৱৰ্তন, বাসস্থান ধ্বংস আদিৰ লগতে জলাশয়ৰ অবাধ বেদখলৰ ফলত এই প্ৰজাতিসমূহৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত, অসমৰ বাবে এটা জাতীয় মাছ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। জাতীয় মাছৰ প্ৰতীকী মৰ্যাদাই জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি, বিজ্ঞানসন্মত গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। উদাহৰণস্বৰূপে, অসমৰ জাতীয় বৃক্ষ হোলোং গছ, জাতীয় পক্ষী দেওহাঁহৰ প্ৰতীকী মৰ্যাদাই ইয়াৰ সুৰক্ষাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ লগতে জনসচেতনতাৰো বিকাশ ঘটাইছে।
অসমৰ জাতীয় মাছ হিচাপে পাভ মাছ (Ompok bimaculatus) আৰু চেং মাছ (Channa barca) সবাতোকৈ উপযুক্ত বুলি বিবেচনা কৰিব পাৰি। কাৰণ, পাভ মাছ বিপদাপন্ন মাছ হোৱাৰ লগতে অসমৰ থলুৱা মাছ। পাভ মাছ সাধাৰণতে ২৫ চে.মি. পৰ্যন্ত দীঘল হয়। কিছুমান ক্ষেত্ৰত ইয়াৰ আকাৰ ১০-১১ ইঞ্চি পৰ্যন্ত হ’ব পাৰে।শাৰীৰিক। ইয়াৰ শৰীৰ দীঘলীয়া, চিকুণ আৰু বাকলিবিহীন। কাঁইটৰ সংখ্যা তুলনামূলকভাৱে কম। অসমীয়া বিহুগীত, লোককথা আৰু কবিতাত এই মাছৰ উল্লেখ পোৱা যায়। পাভ মাছৰ প্ৰজননকাল সাধাৰণতে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহলৈকে হয়। পানীৰ উষ্ণতা অনুসৰি ১ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত কণীৰ পৰা পোনা জন্ম হয়। পোনাবোৰে প্ৰথমে পানীত থকা ক্ষুদ্ৰ উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক খায়।এইখিনিতে পাভ মাছৰ ক্ষেত্ৰত এটা খোকোজা আহিব পাৰে। পাভ মাছ ত্ৰিপুৰাৰ ৰাজ্যিক মাছ। এনে স্থলত আমাৰ ৰাজ্যৰ ৰাজ্যিক মাছ হিচাপে পাভ মাছ হোৱাত অসুবিধা হ’ব নেকি। এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমি অসম আৰু অৰণাচলৰ ৰাজ্যিক ফুললৈ লক্ষ্য কৰিব পাৰোঁ। কাৰণ, দুয়োখন ৰাজ্যৰে ৰাজ্যিক ফুল হ’ল কপৌফুল। সেয়েহে পাভ মাছক অসমৰ ৰাজ্যিক মাছ ঘোষণা কৰাতো নিশ্চয় একেটা প্ৰক্ৰিয়াই খাটিব।
এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে অসমৰ জাতীয় মাছৰ প্ৰসংগেৰে বিক্ৰমাদিত্য বকলিয়াল আৰু মৃদুল কুমাৰ সন্দিকৈয়ে তিলা চেং (চান্না বাৰ্কা) মাছক অসমৰ জাতীয় মাছ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াই লেখা-মেলা কৰিছিল। কাৰণ, চেং মাছ কেৱল মাত্ৰ অসমতহে পোৱা যায়। তদুপৰি ড° শ্বামিম ৰহমানেও অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তাৰ কথাৰে দ্য অসম ট্ৰিবিউনত আলোকপাত কৰিছিল।
আমি আশা ৰাখিম, অনতিপলমে চৰকাৰী সদিচ্ছাৰে অসমৰ চেং মাছেই হওক বা পাভ মাছেই হওক বা অন্য মাছেই হওক, যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছ হিচাপে ঘোষণা কৰি থলুৱা মাছ সুৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্যোগ ল’ব।
অসমৰ থলুৱা মাছৰ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে জাতীয় মাছৰ ধাৰণা এক বিজ্ঞানসন্মত, সামাজিক, আৰু অৰ্থনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পদক্ষেপ। পাভ মাছ, চেং মাছ বা অন্য থলুৱা মাছেই হওক যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছৰ প্ৰজাতিক প্ৰতীকী জাতীয় মৰ্যদা প্ৰদানেৰে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। এই প্ৰস্তাৱ কেৱল মাছৰ প্ৰজাতিৰ সুৰক্ষাৰ বাবেই নহয়, অসমৰ পৰিৱেশ, অৰ্থনীতি, আৰু সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবে এক জাগৰণৰ আহ্বান। বিজ্ঞানসন্মত পদ্ধতি—যেনে জিনগত সংৰক্ষণ, বাসস্থান পুনৰুদ্ধাৰ, আৰু দূষণ নিয়ন্ত্ৰণ—আৰু চৰকাৰ, বনবিভাগ, গৱেষক, স্থানীয় পৰিৱেশ সংৰক্ষণ গোষ্ঠী আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাৰ জৰিয়তে এই লক্ষ্য অৰ্জন কৰিব পাৰি। অসমৰ প্ৰতিজন নাগৰিকৰ বাবে এই প্ৰশ্ন—আমি আমাৰ জলজ সম্পদৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সাজু নে? জাতীয় মাছৰ এই প্ৰস্তাৱ আমাৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি দায়বদ্ধতাৰ এক শক্তিশালী প্ৰমাণ হ’ব পাৰে।
লেখকঃ মানস প্ৰতিম দত্ত