কেতিয়া সমাধান হ’ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?(Artificial Floods) মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। পুৱাই স্কুল, কাৰ্যালয়লৈ বা অন্যান্য কামৰ বাবে ওলাই যোৱা লোক ভুগিছে হাৰাশাস্তিত।(GUWAHATI)
গুৱাহাটী মহানগৰবাসীৰ বাবে কৃত্ৰিম বান নতুন কথা নহয়৷ মহানগৰীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সমস্যা।
স্কুল, কাৰ্যালয়লৈ বা অন্যান্য কামৰ বাবে ওলাই আহি বানত আবদ্ধ লোক।
নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ পিছতেই মহানগৰীৰ চানমাৰি, হাতীগাঁও, অনিল, নবিন, ৰুক্মিণীগাঁও, যোৰাবাটত একঁকাল পৰ্যন্ত পানী।
অৱশ্যে, মহানগৰীত বাৰিষাৰ দিনকেইটাত কৃত্ৰিম বানপানী কোনো নতুন সমস্যা নহয়। বছৰ বছৰ ধৰি মহানগৰবাসীয়ে কৃত্ৰিম বানপানীত সমস্যাত ভুগিবলগীয়া হৈ আহিছে। চৰকাৰলৈ এটাই প্ৰশ্ন কেতিয়া সমাধান হ’ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?