মৰিগাঁও জিলাৰ জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে। একশৰন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক,মহাপালনামৰ সাধক শংকৰদেৱ বঁটা প্ৰাপ্ত প্ৰয়াত ইলাৰাম দাসৰ জন্ম স্থান তথা একশৰন ভাগৱতী সমাজ, অসমৰ কেন্দ্ৰীয় কাৰ্যালয় জালুগুটিত বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মঙ্গলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা ৫ বজাত প্ৰাতঃপ্ৰসংগ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন,৯ বজাত বৃক্ষৰোপণ,৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা। বিয়লি ১ বজাত ভকত আদৰণি, ৩ বজাত আচাৰ্য প্ৰণাম,৩-৩০ বজাত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধিৰ সাধাৰণ সভা। সন্ধিয়া ৬ বজাত জপ-যজ্ঞ অনুষ্ঠিত কৰা হ’ব। ১৩ ফেব্ৰুৱাৰী দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পূৱা ৪ বজাত শৰাই অৰ্চনা আৰু প্ৰাতঃপ্ৰসংগ, ৫ বজাত খোল প্ৰসংগ,৬ বজৰ পৰা অষ্টপ্ৰহৰ জুৰি অখণ্ড মহাপালনাম কীৰ্তন মহোৎসৱৰ আৰম্ভণি কৰা হৈছে । সমান্তৰাল কৈ গুণমালা আৰম্ভ কৰা হ’ব। সন্ধিয়া ৭ বজাত সান্ধ্যপ্ৰসংগ। ১৪ ফেব্ৰুৱাৰী দেওবাৰে পূৱা ৬ বজাত মহাপালনাম মহোৎসৱৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনা। পূৱা ৭ বজাত ভাগৱত শোভাযাত্ৰা,১০ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব। বিয়লি ২ বজাত নামকীৰ্ত্তন। নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। ১৫ ফেব্ৰুৱাৰীত পূৱা ১০ বজাত শৰণ- ভজন শিবিৰ। ১৬ ফেব্ৰুৱাৰী শেষৰ দিনা পূৱা ১০ বজাত মালাবস্ত প্ৰদান শিবিৰ আৰু সন্ধিয়া ৪ বজাত ধৰ্মধ্বজা অবতৰণ আৰু মহাপালনাম কীৰ্তন মহোৎসৱৰ সামৰণি পৰিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…