ইজৰাইল-ইৰাণ সংঘাত আৰু ইৰাণৰ কেইবাটাও(Iran blocks Hormuz)পাৰমাণৱিক ঘাটিত আমেৰিকাই বোমা বিস্ফোৰণৰ বাবে উত্তেজনা সৰ্বকালৰ উচ্ছতম স্তৰত আছে৷ এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ মঞ্চত তেল যোগানক লৈ আশংকাৰ সৃষ্টি হৈছে৷ কাৰণ, হৰমুজ জলদ্বীপ বিশ্বজুৰি তেল যোগানৰ অন্যতম পথ৷ যাৰ এটা অংশ ইৰাণতো আছে৷
ইতিমধ্যে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ভাবুকি দিছে৷ এনে পৰিস্থিতিত ভাৰতৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশবাসীক আশ্বাস দিছে যে ভাৰতৰ তেল যোগানত কোনো ধৰণৰ ব্যাঘাত নঘটে৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘যোৱা দুসপ্তাহ ধৰি আমি মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি যোৱা কেইবছৰমানৰ ভিতৰত তেলৰ উৎস আৰু যোগানৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছো৷ ফলত আমাৰ তেলৰ এটা বৃহৎ অংশ এতিয়া হৰমুজ জলদ্বীপৰ মাজেৰে নাহে৷’
তেওঁ লগতে কয় যে ভাৰতৰ চৰকাৰী তেল বিপণন কোম্পানীসমূহত কেইবা সপ্তাহ ধৰি ইন্ধনৰ মজুত আছে আৰু এতিয়াও একাধিক পথৰ জৰিয়তে ইন্ধনৰ যোগান লাভ কৰি আছে৷ মন্ত্ৰীগৰাকীয়ে স্পষ্ট বাৰ্তা প্ৰদান কৰি কয় যে, ‘দেশৰ নাগৰিকসকলৰ ইন্ধনৰ যোগান যাতে সুস্থিৰ হৈ থাকে তাৰ বাবে আমি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম৷’ প্ৰসংগক্ৰমে আমেৰিকা আৰু ইজৰাইলৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ সংসদে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনাইছে- বিশ্বৰ অন্যতম কৌশলগত জলপথ হৰমুজ জলদ্বীপ বন্ধ কৰা হ’ব৷
মধ্যপ্ৰাচ্যৰ পৰা তেল আৰু গেছ ১৫ানিৰ মূল পথ হ’ল হৰমুজ জলদ্বীপ – বিশ্বৰ দৈনিক প্ৰায় ২০ শতাংশ ইন্ধন যোগান ইয়াৰ মাজেৰে পাৰ হৈ যায়৷ মাত্ৰ ৩৩ কিলোমিটাৰ বহল এই জলদ্বীপত নিৰ্ধাৰিত জাহাজ পথৰ দৈৰ্ঘ্য মাত্ৰ ৩ কিলোমিটাৰ৷ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সদস্য মেজৰ জেনেৰেল কৌছাৰীয়ে কয় যে সংসদে সৰ্বসন্মতিক্ৰমে জলদ্বীপ বন্ধ কৰাৰ সপক্ষে ভোটদান কৰিলেও চূড়ান্ত সিদ্ধান্ত উচ্ছতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে গ্ৰহণ কৰিব৷

