দুলীয়াজানত অইলৰ তেল চোৰৰ দপদপনি অব‍্যাহত, আৰক্ষীৰ অভিযানত ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱাতেলসহ টেংকাৰ জব্দ

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ পনীয়া সোণৰ চোৰাং ব্যৱসায় অব্যাহত আছে । এই ক্ষেত্ৰত চোৰক নাকি লগোৱাত ব্যৰ্থ অইল নিৰাপত্তা বিভাগ । নিশা নাওশলীয়া আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই চোৰাং খাৰুৱাতেল সৰবৰাহ কৰা এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । নাওশলীয়া আৰক্ষী চকীৰ এটা আৰক্ষী দলে মধুবন অঞ্চলত অৰ্তকিতে অভিযান চলাই এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ খাৰুৱাতেল পৰিবাহী এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত আৰক্ষীৰ অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলীৰ পৰা টেংকাৰৰ চালক আৰু সহযোগী পলায়ণ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানকাৰী দলটোৱে তিনিচুকীয়াৰ অশোক মাহাতু (৩২) নামৰ লোকজনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে তদন্ত কৰি অশোক মাহাতুক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে । শেহতীয়াকৈ আৰক্ষীৰ তদন্তত কেতবোৰ  তথ্য পোহৰলৈ আহিছে ‌। জব্দ কৰা সময়ত  টেংকাৰখনত এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ প্লেট লাগি আছিল যদিও  টেংকাৰখনত এন এল ০৫ জি ০৫৮১ নম্বৰৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । ইফালে আৰক্ষীয়ে জব্দ কৰা টেংকাৰখনৰ ১২ হাজাৰ লিটাৰ খাৰুৱাতেল অইল কৰ্তৃপক্ষক চমজাই দিয়াৰ লগতে খাৰুৱাতেলৰ নমুনা সংগ্ৰহ কৰি নমুনা পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰে ।
ইফালে জব্দ হোৱা টেংকাৰখনত অইল ইণ্ডিয়া লিমিটেডৰ ১২ হাজাৰ লিটাৰ খাৰুৱা তেল মজুত আছিল । আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত ৬৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Related Articles