Ashok Singhal । বৃহস্পতিবাৰে বিয়লি ২ বজাৰ পৰা ৩ বজালৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ওদালগুৰিৰ ২০০ খন বিচনাযুক্ত জিলা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড, পঞ্জীয়ন কক্ষ, মাতৃ প্ৰসৱ কক্ষ আদি পৰ্যবেক্ষণ কৰাৰ লগতে ৰোগী তথা চিকিৎসালয়লৈ অহা প্ৰসূতি মহিলাসকলৰ সৈতে মতবিনিময় কৰে।

চিকিৎসালয়খনত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে উপস্থিত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে চিকিৎসালয়খনত বিদ্যমান বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে আৰু সেই সমস্যাসমূহৰ তৎপৰতাৰে সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

মন্ত্ৰী অশোক সিংহলে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰী আৰু বিষয়া সকলক নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰিবলৈ আহ্বান জনায়।
এই পৰিদৰ্শনকালে মন্ত্ৰীৰ সৈতে বি টি আৰৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ বসুমতাৰী, অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া লগতে বহুসংখ্যক কৃষক ৰাইজো উপস্থিত থাকে।
এই পৰিদৰ্শনে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ গুণগত মান বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

