kokrajhar । আলাদিন আজাৰাইৰ হেট্ৰিকৰে বিগত বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত প্ৰত্যাশিতভাবে জয়ৰে অভিযান আৰম্ভ কৰিছে৷ আজি ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ দলটোৱে ৩-১ গলৰ ব্যৱধানত মালয়েছিয়াৰ আৰ্মি ফুটবল দলক পৰাস্ত কৰে৷

নৰ্থ ইষ্ট ইউনাইটেডে তাৰকা আজাৰাইৰ প্ৰথম দুগলৰ সহায়ত খেলৰ প্ৰথমাৰ্ধতে ২-০ ৰ অগ্ৰগতি লয়৷ মৰক্কোৰ ষ্টাইকাৰগৰাকীয়ে খেলৰ ২৩ মিনিটত প্ৰথমটো গল কৰাৰ পাছত ২৯ মিনিটত দ্বিতীয়টো গল দিয়ে৷ আনহাতে, ৭০ মিনিটত আজাৰায়ে হেট্ৰিক গল কৰি ডুৰাণ্ড কাপৰ প্ৰথম মেচতে এই গৌৰৱ লাভ কৰাৰ অনন্য কৃতিত্ব অৰ্জন কৰে৷ এয়া চলিত প্ৰতিযোগিতাৰ প্ৰথমটো হেট্ৰিক৷

ইফালে, খেলৰ ৮৮ মিনিটত মালয়েছিয়াৰ হৈ আমিৰে গল কৰি প্ৰতিযোগিতাত দলৰ হৈ প্ৰথমটো গল কৰাৰ সফলতা লাভ কৰে৷ উল্লেখ্য যে এই পৰাজয়ৰ পাছতে মালয়েছিয়াৰ দলটোৰ বিদায় নিশ্চিত হৈছে৷ ইয়াৰপূৰ্বে নিজৰ প্ৰথম মেচত বিদেশী দলটো ছিলং লাজং এফ চিৰ বিৰুদ্ধে ৬-০ গলৰ ব্যৱধানত পৰাস্ত হৈছিল৷
ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ কাইলৈ কোকৰাঝাৰত হ’বলগা গ্ৰুপ ‘ডি’ৰ এখন মেচত আই এছ এলৰ দল পঞ্জাৱ এফ চিয়ে অসমৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ ছাই ষ্টেডিয়ামত নিশা সাত বজাত হ’বলগা এই মেচখন অসমৰ দলটোৰ বাবে অন্তিম খেল৷ ইতিমধ্যে প্ৰথম দুখন খেলত পৰাস্ত হোৱা মৰ্ণিং ষ্টাৰৰ গ্ৰুপতে বিদায় নিশ্চিত হৈছে৷ আনহাতে, পঞ্জাৱ এফ চিয়ে কাইলৈ প্ৰথম মেচত অৱতীৰ্ণ হ’ব৷
ইয়াৰপূৰ্বে কাইলৈ চাৰি বজাত গ্ৰুপ ‘এ’ৰ এখন মেচত ভাৰতীয় বায়ু সেনাৰ ফুটবল দলে নামধাৰি এফ চিৰ বিৰুদ্ধে খেলিব৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত এই মেচখন অনুষ্ঠিত হ’ব৷

