সমগ্ৰ ৰাজ্য কঁপাই যোৱা (Borpathar Moral Policing Incident) বৰপথাৰৰ গেলাবিল কাণ্ডৰ মূল তিনিগৰাকী অভিযুক্তৰ এগৰাকীক গ্ৰেপ্তাৰ ।
গেলাবিল কাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠই বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে ।
যোৱা নিশা ২ বজাত বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে গেলাবিল কাণ্ডৰ মূল অভিযুক্তগৰাকীয়ে ।
ইয়াৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গেলাবিল কাণ্ডৰ খলনায়কগৰাকীক ।
উল্লেখ্য যে বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই গেলাবিল কাণ্ডৰ আন দুই অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক।
তিনি হাই প্ৰফাইল ভাতৃৰ নাৰকীয় ঘটনাক লৈ গোলাঘাটত হৈ আছে উত্তাল প্ৰতিবাদ।

