Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে লোক কল্যাণ দিৱস টি আজি নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ভা:প্ৰ:সে: )ৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই দিৱসতেই কৰ্ম ক্ষেত্ৰত বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়োৱা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ “কৰ্মশ্ৰী” আৰু “লোকসেৱা” বঁটা আগবঢ়োৱা হয় । এই বঁটাৰ মূল উদ্দেশ্য হৈছে জনসেৱাৰ প্ৰতি উৎসাহ প্ৰদান, চৰকাৰী সেৱাৰ গুণগত মানৰ উন্নয়ন, দায়িত্ববান, নিষ্ঠাবান আৰু উদ্যমী কৰ্মচাৰী চিনাক্তকৰণ আৰু আদৰ্শ স্থাপন কৰি আনক উৎসাহিত কৰা ইত্যাদি । আজিৰ সভাৰ আৰম্ভণিতে আয়ুক্তৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অতিৰিক্ত জিলা আয়ুক্ত মনোৰমা মৰাঙে ৷
সভাত ভাষণ প্ৰদান কৰি আয়ুক্ত গৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে স্বাধীন অসম গঢ়াৰ ক্ষেত্ৰত সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক দিশত আগবঢ়োৱা অৱদানক সোঁৱৰণ কৰি বক্তব্য আগবঢ়াই । এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সকলো কৰ্মচাৰীকে লোকসেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।
এইবাৰৰ নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত, জিলা প্ৰশাসনিক পৰ্য্যবেক্ষক সহায়ক বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ চলিত বৰ্ষৰ “লোকসেৱা বঁটা” ৷ ১৯৯৮ চনত কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰী হিচাপে যোগদান কৰি প্ৰায় ২৪ বছৰে সেৱা আগবঢ়োৱা তথা পৰৱৰ্তী ২০২১ চনত নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ বদলি হৈ অহা বিপুল চন্দ্ৰ বৰাই বিগত প্ৰায় ২৬ বছৰে বিভিন্ন শাখাত নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা আগবঢ়ায় আহিছে আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷
জিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক পলাসী বৰাই সুন্দৰ উপস্থাপনেৰে আঁতধৰা উক্ত অনুষ্ঠানটিত বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাৰ পিতৃ তথা অৱসৰ প্ৰাপ্ত ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক কমলা কান্ত বৰাই সাৱলীল বক্তব্য আগবঢ়াই । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্তসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, গণ্যমান্য ব্যক্তিসকলকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বঁটাপ্রাপ্ত বিপুল চন্দ্ৰ বৰাদেৱৰ পৰিয়ালবৰ্গ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকল উপস্থিত থাকে । উল্লেখ যে, প্ৰবীন মুক্তিযুঁজাৰু তথা অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি “লোক কল্যাণ দিৱস”ত অসম চৰকাৰে প্ৰদান কৰা “লোকসেৱা বঁটা” এইবাৰ বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱাত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ লগতে সদৌ অসম জিলা প্ৰশাসনীয় সন্থাৰ নগাঁও জিলা সমিতিৰ সদস্য সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ অসম চৰকাৰে শিক্ষক-কৰ্মচাৰী সকলৰ বাহিৰে বাকী সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী সকলৰ মাজৰ পৰা সুদক্ষ কৰ্মচাৰী বাঁচনি কৰি কৰ্মচাৰীৰ কৰ্মদক্ষতা আৰু কৰ্মস্পৃহা বৃদ্ধিৰ বাবে বিগত ২০২২ বৰ্ষৰ পৰা গুৰুত্বপূৰ্ণ এই বঁটাটি প্ৰদান কৰি আহিছে ৷ বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাই আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷ শিশুৰ সৰ্বাঙ্গীণ উন্নয়নৰ স্বাৰ্থত অহোপুৰুষাৰ্থ শ্ৰম কৰা বিপুল চন্দ্ৰ বৰাই চৰকাৰী কৰ্মব্যস্ততাৰ মাজতো সদৌ অসম মইনা পাৰিজাতৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে আৰু বৰ্তমান সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সাংগঠনিক সম্পাদক হিচাপে দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে ৷ কেৱল সেয়াই নহয় চৰকাৰী কাৰ্যালয়ৰ বন্ধৰ দিনকেইটাতো বিভিন্ন জিলাত গৈ শিশু সকলৰ স্বাৰ্থত গঠনমূলক কাম- কাজত আত্মনিয়োগ কৰিছে ৷ অসম নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰাই ভোটাই ডেকা শাখা নাট্য সন্মিলনৰ সাধাৰণ সম্পাদক , কলং পৰীয়া শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক, আঞ্চলিক ৰাস উৎসৱ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক,ভোটাইগাঁও জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সঙ্ঘৰ সাধাৰণ সম্পাদক , ভোটাই ডেকা উন্নয়ন সমিতি আৰু সদ্য নিৰ্মিয়মান বুৰঞ্জী প্ৰসিদ্ধ নগঁঞা শইকীয়া ভোটাই ডেকাৰ মুৰ্তি নিৰ্মাণ সমিতিৰ সক্ৰিয় সদস্য আদিকে ধৰি নগাঁৱৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্ব বহন কৰি আহিছে ৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন সুন্দৰম নাট্য গোষ্ঠী,উৰিয়াগাঁও ; অবিনশ্বৰ গোষ্ঠী,নগাঁৱৰ লগত জড়িত নাট্যশিল্পী গৰাকী সুদক্ষ অভিনেতা হোৱাৰ উপৰিও কৌতুক অভিনেতা হিচাপেও পৰিচিত বিপুল চন্দ্ৰ বৰাই কথাছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে আৰু মঞ্চ নাটত অভিনয় ,অসমীয়া ভাৱনাত অভিনয় কৰি নিজৰ শিল্পী সত্বাৰ পৰিচয় ডাঙি ধৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ এই গৰাকী লোকক অসম চৰকাৰে “লোকসেৱা বঁটা” প্ৰদান কৰাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাহিত্য ,সংস্কৃতি সংগঠনৰ লগতে অপেচাদাৰী নাট্য সংগঠন সমূহৰ প্ৰতিনিধি সকলেও সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ মুঠ ৫৯ গৰাকীয়ে জিলা ভিত্তিত এই লোক সেৱা বঁটা লাভ কৰিছে আৰু তাৰ ভিতৰত বিপুল চন্দ্ৰ বৰাই নগাঁও জিলাৰ একমাত্ৰ হিচাপে মনোনীত হৈ সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

