Journalist Assam । প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি) গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত সাতদিনীয়া লাডাখ ভ্ৰমণ সফলতাৰে সামৰণি পেলালে অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ ১৩ জনীয়া সাংবাদিকৰ দল। ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণ ৩ আগষ্ট, ২০২৫ত সম্পূৰ্ণ হয়। ভ্ৰমণৰ মূল উদ্দেশ্য আছিল লাডাখৰ উন্নয়ন যাত্ৰা, কৌশলগত তাৎপৰ্য, সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আৰু খিলঞ্জীয়া জ্ঞান পদ্ধতিৰ প্ৰদৰ্শন।

পিআইবিৰ গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীৰে গঠিত প্ৰতিনিধি দলটোৱে লাডাখৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ভাৰতীয় জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ আৰু হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভ। ইয়াত সাংবাদিকসকলে ভাৰতৰ জ্যোতিৰ্বিজ্ঞান ক্ষেত্ৰৰ অগ্ৰগতি আৰু পোহৰ প্ৰদূষণ মুক্ত পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাৰ সঁপেতি হয়।
দলটোৱে আনহাতে অঞ্চলটোৰ একমাত্ৰ কমিউনিটি ৰেডিঅ’ ষ্টেচনো পৰিদৰ্শন কৰে, যিয়ে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ ৮০০ গাঁৱৰ জনসংখ্যাৰ বাবে বাতৰি আৰু তথ্যৰ মুখ্য উৎস হিচাপে কাম কৰে।
লেহত সাংবাদিকসকলে আয়ুষ মন্ত্ৰালয়ৰ অধীনত চলি থকা নেচনেল ইনষ্টিটিউট অৱ সোৱা-ৰিগপা পৰিদৰ্শন কৰে। ইয়াত তিব্বতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি, বনৌষধি ঔষধ উৎপাদন, গৱেষণা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা সম্পৰ্কে সঁপেতি লাভ কৰে।
অন্য এটা গুৰুত্বপূৰ্ণ পৰিদৰ্শন আছিল সীমান্ত পথ সংস্থা (BRO)ৰ প্ৰজেক্ট হিমাংক। ইয়াত দলটোক বিশ্বৰ আটাইতকৈ উচ্চ আৰু প্ৰত্যাহ্বানমূলক অঞ্চলত নিৰ্মাণাধীন আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে অৱগত কৰা হয়। এই প্ৰচেষ্টা ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বৰ্ণনা কৰা হয়।
ডিফেন্স ইনষ্টিটিউট অৱ হাই এলটিটুড ৰিচাৰ্চ (DIHAR)ত অনুষ্ঠিত এক অধিবেশনত সাংবাদিকসকলে উচ্চ উচ্চতাৰ কৃষি, শীতল অঞ্চলত জীয়াই থকাৰ কৌশল, আৰু স্থানীয় কৃষক তথা সেনা বাহিনীক সহায় কৰা উদ্ভাৱনী গৱেষণা সম্পৰ্কে অৱগত হয়।
সাংবাদিকসকলে লাডাখৰ উদ্ভাৱনীমূলক আৱৰ্জনা ব্যৱস্থাপনা প্ৰচেষ্টা “প্ৰজেক্ট ছাংডাৰ” পৰিদৰ্শন কৰাৰ উপৰিও, পশমিনা উল আৰু এপ্ৰিকট উৎপাদনত নিযুক্ত স্থানীয় সমবায়সমূহৰ সৈতে মত বিনিময় কৰে। দলটোৱে অল চাংথাং পশমিনা খেতিয়ক সমবায় বিপণন সমিতিৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়, যিয়ে স্থানীয় অঘৰী সম্প্ৰদায়ৰ জীৱিকাৰ উন্নয়ন আৰু পশমিনাৰ উন্নত বজাৰ প্ৰৱেশ নিশ্চিত কৰিবলৈ কাম কৰি আছে। পশমিনাৰ নিখুঁত সংগ্ৰহ প্ৰক্ৰিয়া আৰু কাপোৰ নিৰ্মাণ পৰ্যন্ত সাংবাদিকসকলে প্রত্যক্ষ কৰে।
এতেকে দলটোৱে জৈৱিক এপ্ৰিকট খেতিও পৰিদৰ্শন কৰে। এই খেতিত সাংবাদিকসকলে লাডাখৰ “সোণালী শস্য” বুলি খ্যাত এই ফলৰ খেতি, চপোৱা প্ৰক্ৰিয়া আৰু ইয়াৰ মূল্য সংযোজনৰ নানা দিশ জানিবলৈ সক্ষম হয়। এই খেতিয়েই মহিলাৰ অংশগ্ৰহণ, গ্ৰাম্য আয় আৰু GI টেগিংযোগে ৰপ্তানিৰ নতুন দিশ মুকলি কৰিছে।
ভ্ৰমণৰ সময়ত সাংবাদিকসকলে লাডাখৰ মুখ্য সচিবক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ উন্নয়ন, প্ৰশাসনিক প্ৰত্যাহ্বান, আৰু সংবাদ মাধ্যমৰ লগত সম্ভাৱ্য সহযোগিতা সম্পৰ্কে মত বিনিময় কৰে। তদুপৰি, দলটোৱে লেহৰ তথ্য আৰু জনসংযোগ বিভাগ (DIPR) আৰু লেহ প্ৰেছ ক্লাবৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়।
এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত সাংবাদিকসকলে লেহ পেলেচ, পাংগং টছ’, সিন্ধু-জাংস্কাৰ ছাংগাম, মেগনেটিক হিল, ছুথাং হট স্প্ৰিংছ, আৰু ৰেজাং লা ৱাৰ মেম’ৰিয়েল আদি লাডাখৰ কিছুমান ঐতিহাসিক আৰু পৰ্যটন স্থানো পৰিদৰ্শন কৰে।
এই ভ্ৰমণে সাংবাদিকসকলক কেৱল লাডাখৰ উন্নয়ন আৰু কৌশলগত তাৎপৰ্য্যকেই নহয়, অঞ্চলটোৰ খিলঞ্জীয়া পৰম্পৰা, গৱেষণা আৰু উদ্যোগশীলতা সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।

