কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত আমচং চাহ বাগিছাৰ মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত আজি এখন কেৰিয়াৰ কাউঞ্চিলিং বিষয়ত সজাগতা সভাৰ আয়োজন কৰা হয় ।

আৰম্ভনিতে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা পানবজাৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বিজয়া দাসক সম্বদ্ধনা জনায় শিক্ষক কুলদীপ শেনছোৱা আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই ।বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰায় সত্তৰ গৰাকীছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সজাগতা সভাত শ্ৰী বিজয়া দাসে কয় যে প্ৰতিগৰাকী শিশুৱে প্ৰতিভাৱান প্ৰত্যেকৰে উজ্বল সম্ভাৱনা আছে মাথো আমি সকলোৱে নিজৰ লক্ষ্য স্থিৰ কৰি একাগ্ৰচিত্তে সাধনা কৰিলেহে সেই লক্ষ্যত উপনীত হ’ব পাৰি । আমি কেতিয়াও হীনমন্যতাত ভুগিব নালাগে ।

বৰ্তমান সময়ত প্ৰত্যেকটো বৃত্তিৰে মৰ্যদা আছে । বিদ্যালয়ত যিসকলে এন চি চি অন্তভূক্ত হয় তেওঁলোকৰ সামৰিক বাহিনীৰ লগতে আৰক্ষী সেৱাতো নিযুক্তি লাভ কৰাৰ বিশেষ সুবিধা আছে । তেখেত কেৰিয়াৰ কাউঞ্চিলিংৰ বিভিন্ন বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ লগতে পক্ছ আইন, শিশু নিৰ্যাতন,বাল্য বিবাহ, ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আদি বিষয়ৰ শাস্তি আৰু ধাৰা লগতে বিভিন্ন বিভাগৰ সহায়ক নম্বৰ আদিৰ বিষয়েও অৱগত কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক ৰাতুল বৰা, যদুমণি দিহিঙীয়া, অমৃত পোৰেলও উপস্থিত থাকে ।


