Gaurav Gogoi: বিজেপি আৰু মুখ্যমন্ত্ৰী আমাৰ শত্ৰু নহয়

অসম-অৰুণাচল সীমান্তৱৰ্তী তথা (Gaurav Gogoi) ৰাজ্যৰ পূব প্ৰান্তৰ শেষৰখন জিলা তিনিচুকীয়াখন বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি৷ কিন্তু বিজেপি চৰকাৰৰ দিনত ইয়াত শান্তিৰে বসবাস কৰি অহা লোকসকলে যেন অশান্তিত থাকিবলগীয়া হৈছে তেনে উমান আমি পাইছো- এই মন্তব্য তিনিচুকীয়াত এখন দলীয় কৰ্মী সভা আৰু যোগদান অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলৰ উপ- দলপতি সাংসদ গৌৰৱ গগৈৰ৷ তিনিচুকীয়া জিলাত থকা মৰাণ, মটক, আহোম, চুতীয়া, আদিবাসী, বঙালী, বিহাৰী, মাৰোৱাৰী, শিখ, নেপালী, সোণোৱাল কছাৰী আদি কৰি বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰে আৰু আটায়ে সমিলমিলেৰে থাকি সমন্বয়ৰ ইতিহাস ৰচিছে আৰু এয়াই হৈছে ভাৰতীয় সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰা বৰ অসমৰ নিদৰ্শন৷ কংগ্ৰেছ দলে এনে নিদৰ্শনৰ বাবেই কাম কৰি আহিছে আৰু এনেদৰেই একত্ৰিত মনোভাবেৰে দলৰ নীতি, আদৰ্শক ৰাইজৰ মাজলৈ লৈ যাবলৈ বিচৰা হৈছে৷ কিন্তু বৰ্তমান বিজেপি দলৰ ৰাজনীতিয়ে আমাক শংকামুক্ত কৰিব পৰা নাই বৰঞ্চ উচ্ছেদৰ নামত, বাংলাদেশীৰ নামত ভাৰতীয়সকল সম্প্ৰতি হাৰাশাস্তি হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি অসমৰ ৰাইজে এইবোৰ গম পাইছে বুলি কয়৷ কংগ্ৰেছ দলে অসমত থকা অবৈধ বহিৰাগত বাংলাদেশীৰ সমস্যাটো পূৰ্বৰ পৰাই গুৰুত্বসহকাৰে লৈছে ৷

বিগত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত এইক্ষেত্ৰত কি কি প্ৰচেষ্টা হাতত ল’ব বিচাৰিছিল আৰু সমাধানৰ বাবে জোৰ দিয়া যে হৈছিল সেই ইংগিতো সভাপতি গৌৰৱ গগৈয়ে ভাষণত উল্লেখ কৰে৷ অসম চুক্তি অনুসৰি অসমৰ অবৈধ বহিৰাগত বাংলাদেশীসকলক বহিষ্কাৰ কৰিবলৈ কংগ্ৰেছ দলে জোৰ দিছিল বুলিও তেওঁ কয়৷ এটা সময় আহিল আৰু জাতি, মাটি, ভেটিৰ নামত অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে ২০১৬ চনত চৰকাৰ গঠন কৰিলে আৰু অসমৰ ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰিলে৷ কোৱা হৈছিল ১৬ মে’ৰ পিছত এজনো বাংলাদেশী অসমত থাকিব নোৱাৰিব আৰু সকলোৱে টালি-টোপোলা বান্ধি যাবই লাগিব – এই মন্তব্যৰে সাংসদ গগৈয়ে প্ৰশ্ন কৰে যে, ক’ত গ’ল তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ৷ অসম চুক্তিৰ ৬নং দফা, এন আৰ চি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ইত্যাদি বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বক্তব্য ৰাখি বৰ্তমানৰ বিজেপি চৰকাৰৰ কামকাজৰ তীব্ৰ সমালোচনা কৰে৷ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আজিলৈকে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই ৷

কাৰ্বি আংলং, বড়োভূমিকে আদি কৰি অসমৰ বহু স্থানৰ হাজাৰ হাজাৰ বিঘা মাটি আদানি, আম্বানিক গতাই দিবলৈ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ ইমানেই হৈছে যে, কাৰ্বিসকলক সাংবিধানিক অধিকাৰ কিয় দিব লাগে বুলি কৈছে৷ আমি দেখিবলৈ পাইছো এইখন তিনিচুকীয়াত উন্নয়ন স্থৱিৰ হৈ পৰিছে৷ আঁচনিৰ কাম বিফল, উদ্যোগ নাই, চিকিৎসা মহাবিদ্যালয়ত পৰ্যাপ্ত চিকিৎসক নাই, শিক্ষাৰ ক্ষেত্ৰতো একেই অৱস্থা, স্থানীয় ঠিকাদাৰৰ কাম নাই ইত্যাদি বহু সমস্যাৰ মাজত থকা তিনিচুকীয়াত উন্নয়ন হোৱা নাই বুলি গুৰুতৰ অভিযোগ কৰে গগৈয়ে৷ এইবিলাকক পাহৰিবলৈকে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য ধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, যিটো অসমৰ ৰাইজে দেখি আছে৷ এইবাৰ এখন যুঁজ হ’ব আৰু সেই যুঁজ উন্নয়নৰ স্বাৰ্থত হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছৰ সভাপতি গগৈয়ে বিজেপি আৰু ড॰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ বাবে শত্ৰু নহয় বুলি উল্লেখ কৰি এতিয়া কংগ্ৰেছ দলৰ প্ৰথম শত্ৰু সময় বুলি কয়৷ অসমৰ ৰাইজে বৰ্তমান কংগ্ৰেছ দলৰ কামকাজবোৰ লক্ষ্য কৰি আছে আৰু সকলোৱে এক পৰিৱৰ্তন বিচাৰিছে৷ গতিকে আগন্তুক নিৰ্বাচনৰ বাবে বেছি সময় যিহেতু নাই সেই বাবে আমাৰ দলীয় কৰ্মীসকলে এতিয়াৰ পৰা কষ্টৰ মাজেৰে দলৰ ভেটি শক্তিশালী কৰিবলৈ দলীয় কৰ্মীসকলক আহ৩ান জনায় ৷

তিনিচুকীয়া জিলাত থকা ছয়টা সমষ্টি ক্ৰমে তিনিচুকীয়া, ডুমডুমা, শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা আৰু মাকুমত কংগ্ৰেছ দলে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ দলটোৰ তৃণমূল কৰ্মীকে ধৰি বিষয়ববীয়াই কষ্ট কৰিব লাগিব আৰু দলৰ ভেটি শক্তিশালী কৰি জিলাৰ প্ৰতিটো সমষ্টিৰ পৰা ৰাইজৰ সহযোগত আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব লাগিব বুলি তেওঁ সভাত সকলোকে আহ্বান জনায় ৷ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে সভাপতিত্ব কৰা ৰাজহুৱা সভাখন তিনিচুকীয়া চহৰৰ তিনিকোণীয়াস্থিত ঐতিহাসিক গোলাপ চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ ৰাজ্যিক সমিতি, জিলা সমিতিৰ বহু বিষয়ববীয়া উপস্থিত থকা সভাখনত গৌৰৱ গগৈৰ উপস্থিতিত আপ, বিজেপিৰ কৰ্মীকে আদি আন আন দলৰ প্ৰায় তিনিশ লোকে কংগ্ৰেছ দলত যোগদান কৰে ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তিনিকোণীয়াত থকা ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ সমীপত থকা মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছত তিনিকোণীয়া কালী মন্দিৰ আৰু গুৰুদ্বাৰত সেৱা জনায় নেদেখাজনৰ আশীৰ্বাদ লয়৷ শদিয়ালৈ গৈ তাত ৰাজীৱ শদিয়াৰ গাঁৱত উপস্থিত হৈ তেওঁৰ সাংসদ পুঁজিৰ দহ লাখ টকাৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শদিয়া ব্লক কংগ্ৰেছৰ বিষয়ববীয়া, কৰ্মকৰ্তাৰ সৈতে মতবিনিময় কৰে৷

Related Articles