মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ (Srimanta Sankaradeva University) যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে যোৱা ৭ আগষ্ট তাৰিখে বিশ্ববিদ্যালয়খনৰ সমন্বয়ক কুশল ঠাকুৰীয়া, বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক বলি নাৰায়ণ ফুকন, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, বিভাগৰ মুৰব্বী ড° উজ্জ্বল অৰুণ মাস্কে, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত দশম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানত ড° মাধন বৰাই দিনটোৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰাৰ লগতে বলিনাৰায়ণ ফুকনে বিভাগটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰে ৷ তদুপৰি বিভাগটোলৈ বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক ড° ৰাতুল চন্দ্ৰ বৰাই আগবঢ়োৱা শুভেচ্ছা বাণী পাঠ কৰে নাজিয়া আখতাৰে ৷ এই অনুষ্ঠানত বিভাগৰ পত্ৰিকা ‘যোগ প্ৰৱাহ’ৰ প্ৰথম সংখ্যাটো মুকলি কৰাৰ লগতে বিভাগটোৰ নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলকো সন্মানিত কৰা হয় ।
অনুষ্ঠানত বিভাগটোৰ মুৰব্বী ড° উজ্জ্বল অৰুণ মাস্কেই বিভাগটোৰ দহ বছৰৰ যাত্ৰাৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়াই বিভাগটোৰ দীৰ্ঘ যাত্ৰাৰ বাবে শুভেচ্ছা-শলাগ জনোৱাৰ লগতে শিক্ষাৰ্থীসকলক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত অংশলৈ বিশ্ববিদ্যালয়খনৰ সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে বিভাগটোৰ দহবছৰীয়া যাত্ৰাৰ এক আলোকপাত কৰে ৷

