অসমত জাল নথিৰে শিক্ষক (Fake certificates) নিযুক্তিৰ আন এক ভয়ংকৰ চক্রান্ত পোহৰলৈ আহিছে। অসমত শিক্ষক পদত নিযুক্তি লোৱাৰ বাবে অর্ধশতাধিক প্রার্থীয়ে মধ্য প্রদেশৰ এখন শিক্ষানুষ্ঠানৰ নামত জাল নথি ব্যৱহাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ চি আই ডিয়ে এই অপচেষ্টা বিফল কৰি গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে অসমত শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা এক পৰীক্ষাত উত্তীর্ণ প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়তে জাল নথি ব্যৱহাৰৰ এক ভয়ংকৰ চক্রান্ত পোহৰলৈ আহে। যোৱা জানুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত শিক্ষক নিযুক্তিৰ লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়ত এটা সন্দেহজনক প্ৰতিষ্ঠানৰ পৰা লোৱা প্ৰমাণ-পত্র অর্ধশতাধিক প্রার্থীয়ে দাখিল কৰাৰ কথা দৃষ্টিগোচৰ হয়। মধ্য প্রদেশৰ টেকন’ গ্ল’বেল বিশ্ববিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠানৰ পৰা এই নথিসমূহ সংগ্ৰহ কৰা হৈছিল। প্ৰাৰ্থীসকলে এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ হোৱা বুলি প্রমাণ-পত্র দাখিল কৰি শিক্ষকৰ চাকৰি লোৱাৰ অপচেষ্টা কৰিছিল।
প্ৰায় ৫০জন প্রার্থীয়ে এই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী লাভ কৰাৰ প্ৰমাণ-পত্র দাখিল কৰিছিল।পৰীক্ষাৰ সময়ত এই বিশ্ববিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰা বুলি দেখুওৱা প্ৰাৰ্থীসকলৰ প্ৰমাণ-পত্ৰ জাল বুলি নিশ্চিত হোৱাৰ পাছতে চি আই ডিয়ে ১৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আনহাতে, জাল নথি-পত্র দাখিল কৰা এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাটো নিশ্চিত হৈছে। শীঘ্ৰে তেওঁলোকক তলব কৰাৰ বাবে চি আই ডি সাজু হৈছে। লক্ষণীয়ভাবে তেওঁলোকে জালিয়াতি কৰাটো নিশ্চিত হ’লে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাও আছে। জাল নথি-পত্র দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনা গৈছে। সম্প্রতি প্রার্থীসকলৰ নথি-পত্ৰৰ পৰীক্ষা অধিক কঠোৰ কৰা হৈছে।কোৱা বাহুল্য যে ভুৱা অবিচি,এম অবিচি জাতিৰ অন্তভূক্ত নোহোৱা স্বত্তেও ভুৱা জাতিগত চাৰ্টিফিকেটেৰে এচাম দুষ্টচক্ৰৰ হিন্দী বিষয়ৰ শিক্ষকৰ লগতে আন আন বিষয়তো শিক্ষক পদৰ বাবে জালিয়াতি কৰাৰ কথা শিক্ষকৰ পদৰ প্ৰাৰ্থী আৰু সচেতন মহলত সবেৰ্ত্ৰে চৰ্চা চলি আছে।য়াৰ লগতে বিজ্ঞাপনত উল্লেখিত ৫০ শতাংশ নম্বৰ লৈ বি এ আৰু ৫০ শতাংশ নম্বৰ লৈ হিন্দী বিষয়ৰ এটা বিষয় হিচাপে থকা বা ৫০ শতাংশ নম্বৰ লৈ কলা শাখাত স্নাতকোত্তৰ হোৱাটো যদিহে হিন্দীত ৫০ শতাংশ নম্বৰ লৈ কোনো এটা বিষয় হিন্দী হিচাপে বি এ উত্তীৰ্ণ হয় এই সুবাদতে ৫০ শতাংশ নম্বৰ লৈ বি এ আৰু ৫০ শতাংশ নম্বৰ লৈ হিন্দী বিষয়ৰ এটা বিষয় হিচাপে লৈ বহি ৰাজ্যৰ পৰা বি এ ডিগ্ৰী চাৰ্টিফিকেট কিনি অনাৰ সন্দেহ সকলো স্তৰতে ঘনীভূত হৈছে।উল্লেখযোগ্য সংখ্যক প্ৰাৰ্থীয়ে বি. এড ডিগ্ৰী ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানৰ পৰা দাখিল কৰিছে।
এনে ডিগ্ৰীসমূহৰ সত্যতা আৰু স্বীকৃতি সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে। শেহতীয়াকৈ বি. টি. আৰ.-ত নিযুক্তি পোৱা প্ৰাৰ্থীসকলঃ ইতিমধ্যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বি. টি. আৰ.)-ৰ অধীনত শিক্ষক পদত নিযুক্তি পোৱা কেইবাজনো প্ৰাৰ্থী বৰ্তমানৰ টিচিআৰ -ৰ মেধা তালিকাত পুনৰ নাম সন্নিবিষ্ট হৈছে, যিয়ে গুৰুত্বপূৰ্ণ নৈতিক আৰু পদ্ধতিগত ব্যৱস্থাৰ প্ৰশ্ন উত্থাপন কৰিছে।প্ৰাপ্ত খবৰ অনুসৰি বহু প্ৰাৰ্থীয়ে বৰ্তমান স্নাতক হিন্দী শিক্ষকৰ পদত কৰ্মৰত হৈ আছে কিন্তু পুনৰ সদ্য ঘোষিত শিক্ষক যোগ্যতা পৰীক্ষা আৰু নিযুক্তি পৰীক্ষাৰ(Tet Cum Recruitment)স্নাতক হিন্দী শিক্ষকৰ পদৰ প্ৰাৰ্থীসকল পৰীক্ষাত বহি সুবিধা জনক ঠাইত নিযুক্তি সুবিধাৰ বাবে এতিয়া তেওঁলোকে পুনৰ তালিকাত নাম আহিছে।যিটো বিজ্ঞাপনত একে পদত নোৱাৰে বুলি উল্লেখ আছে ইয়াৰ বাবে বহু পাবলগীয়া প্ৰাৰ্থী বঞ্চিত হৈছে।তেওঁলোকক বাছনিৰ পৰা বাতিল কৰিলে বহু প্ৰাৰ্থী নিযুক্তিৰ সুবিধা লাভ কৰিব বুলি আশাবাদী।
সেয়েহে হিন্দী স্নাতক শিক্ষা পদৰ প্ৰাৰ্থীয়ে বিজ্ঞাপনত উল্লেখিত ধৰনে দ্বিতীয় আৰু ততোধিক তালিকা প্ৰকাশৰ কথা আহ্বান জনায়।ইয়াৰ লগতে ৬৪২ টা বিজ্ঞাপনত উল্লেখিত হিন্দী শিক্ষকৰ পদ প্ৰথম মেধা তালিকা কলা,বিজ্ঞান,সস্কৃত,গণিত বিষয়ৰ লগত সানমিহলিকৈ প্ৰকাশ কৰাত সম্পূৰ্ণ পদৰ প্ৰকাশৰ তথ্য নোপোৱাত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সঠিক তথ্য জানিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি বৰ্তমানলৈকে খবৰ আহিছে।পুনৰ প্ৰাৰ্থীসকলৰ জনাই যে আন বিষয় তেনেদৰে কৰা ,বিজ্ঞান,সস্কৃত ,গণিত বিষয়ে পোৱাৰ দৰে হিন্দী শিক্ষক দ্বিতীয় মেধা তালিকা প্ৰকাশৰ অনুৰোধ জনাই আৰু জাল চাৰ্টিফিকেটৰ প্ৰয়োগ কৰা দুষ্ট চক্ৰক শিক্ষক পদৰ পৰা বাতিল কৰি কঠোৰ প্ৰমাণীকৰণৰ আহ্বান জনায়। আৰু কয় যে এই বিষয়বোৰ যদি সমাধান নোহোৱাকৈ এৰি দিয়া হয়, তেন্তে নিযুক্তি প্ৰক্ৰিয়াৰ অখণ্ডতা আৰু স্বচ্ছতাৰ সৈতে আপোচ কৰা হ’ব। এনেবোৰ ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা বিভাগে কেনেধৰণৰ
ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ’ব ।

