স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

Independence day 2025 । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক

গুৱাহাটী, ১৪ আগষ্ট — স্বাধীনতা দিৱসৰ পূৰ্বসন্ধ্যাত ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম আৰক্ষীয়ে। ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা, বীৰত্ব আৰু উৎকৃষ্ট সেৱা পদকৰ বাবে অসম আৰক্ষীৰ মুঠ ১৭ গৰাকী বিষয়া আৰু জোৱান নিৰ্বাচিত হৈছে।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পাৰ্থ সাৰথি মহন্তে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। আনহাতে, তিনিচুকীয়া আৰক্ষী অধীক্ষক গুৰুভ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে বীৰত্ব পদক লাভ কৰিছে।

ইয়াৰ উপৰি উৎকৃষ্ট সেৱা পদক লাভ কৰাৰ বাবে নিৰ্বাচিত হৈছে ১৩ গৰাকী আৰক্ষী বিষয়া তথা জোৱান —
১. সংযুক্তা পৰাশৰ, মহাপৰিদৰ্শক
২. বিবেকৰাজ সিং, মহাপৰিদৰ্শক
৩. জয়শ্ৰী খেৰচা, কমাণ্ডেণ্ট
৪. হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক
৫. নোমল মাহাত্তা, আৰক্ষী অধীক্ষক
৬. দেৱাশিস বৰা, কমাণ্ডেণ্ট
৭. টাবুৰাম পেগু, কমাণ্ডেণ্ট
৮. নিৰ্মল চন্দ্ৰ বিশ্বাস, উপ-আৰক্ষী অধীক্ষক
৯. ললিত শইকীয়া, পৰিদৰ্শক
১০. অখিল কুমাৰ দাস, উপ-পৰিদৰ্শক
১১. ধ্ৰুৱ ছাৰ্কি, পৰিদৰ্শক
১২. নবীন চন্দ্ৰ শৰ্মা, এছিছটেণ্ট কমাণ্ডেণ্ট
১৩. ৰবীন্দ্ৰ সিনহা, উপ-পৰিদৰ্শক

উল্লেখযোগ্য যে ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আৰু কাৰেকচনেল ছাৰ্ভিচেছৰ মুঠ ১,০৯০ গৰাকী বিষয়া আৰু জোৱানক তেওঁলোকৰ ব্যতিক্ৰমী অৱদান আৰু কৰ্তব্যনিষ্ঠাৰ বাবে এই পদকেৰে সন্মানিত কৰা হৈছে।

Related Articles