এক ভয়ংকৰ ঘটনা ঘটি গ’ল নতুন (Delhi CM Attack) দিল্লীত৷ ৰাজধানী চহৰখনত এইবাৰ আক্ৰমণৰ বলি হ’ল খোদ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা৷ ৰাজহুৱা অভাৱ-অভিযোগৰ বিষয়ে শুনানি লৈ থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰে এজন লোকে৷ মুখ্যমন্ত্ৰী গুপ্তাই তেওঁৰ চৰকাৰী আৱাসৰ কাৰ্যালয়ত সাধাৰণ জনতাৰ অভিযোগ শুনাৰ সময়তেই এই ঘটনাটো সংঘটিত হয়৷ নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো স্বয়ং মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণে ৰাজধানী চহৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে৷ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী গুপ্তাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতি বুধবাৰে নিজৰ বাসগৃহত ‘জনতাৰ শুনানি’ৰ আয়োজন কৰি জনতাক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰে৷ আজিৰ অনুষ্ঠানতো বিপুল জনসমাগম হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এজন এজনকৈ মানুহক লগ কৰি থকাৰ সময়তে পুৱা প্ৰায় ৮.৩০ বজাত এজন ব্যক্তিয়ে তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰে আৰু কাগজ কেইখনমান দলিয়াই তেওঁক চৰ মাৰিবলৈ চেষ্টা কৰে৷
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত প্ৰত্যক্ষদৰ্শীৰ মতে, এই লোকজনে হঠাতে মুখ্যমন্ত্ৰীৰ ফালে কিছু কাগজ দলিয়াই তেওঁক মাৰিবলৈ চেষ্টা কৰে৷ অৱশ্যে ততাতৈয়াকৈ নিৰাপত্তাৰক্ষীয়ে মুখ্যমন্ত্ৰীক ৰক্ষা কৰিবলৈ সক্ষম হয়৷ নিৰাপত্তাৰক্ষীয়ে লগে লগে প্ৰায় ৩৫বছৰীয়া আক্ৰমণকাৰীটোক আটক কৰে৷ প্ৰাথমিক সোধা-পোছাত অভিযুক্তটোৱে কয় যে ব্যক্তিগত সমস্যা সমাধান নোহোৱা বাবে তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত ক্ষুব্ধ হৈ আক্ৰমণ কৰিছে ৷ ইতিমধ্যে এই লোকজনক আৰক্ষীয়ে জিম্মাত লৈ অধিক জেৰা অব্যাহত ৰাখিছে ৷ এই আক্ৰমণৰ পিছতে লগে লগে মুখ্যমন্ত্ৰীক তেওঁৰ ব্যক্তিগত চেম্বাৰলৈ নিয়া হয়৷ এক আনুষ্ঠানিক বিবৃতিত মুখ্যমন্ত্ৰী কাৰ্যালয়ে মুখ্যমন্ত্ৰীগৰাকী নিৰাপদ থকাৰ লগতে কোনো ধৰণৰ আঘাত পোৱা নাই বুলি জানিবলৈ দিয়ে৷ অৱশ্যে চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি কিছু সময় জিৰণি ল’বলৈ পৰামৰ্শ আগবঢ়ায়৷ দিল্লী চৰকাৰৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণক আমি গৰিহণা দিছো৷ দিল্লীৰ জনসাধাৰণৰ বাবে সদায় চিন্তা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ অনবৰতে তেওঁলোকৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰি আছে ৷
এই কথা বিৰোধীয়ে হজম কৰিব পৰা নাই৷’ তেওঁ ঘটনা সন্দৰ্ভত এক উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷ দিল্লী ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে এই ঘটনাক গৰিহণা দিছে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত কৰা আক্ৰমণ অতি নিন্দনীয় বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে৷ মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, ‘এয়া অতি দুঃখজনক৷ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিল্লীক নেতৃত্ব দিয়ে আৰু মই অনুভৱ কৰো যে এনে ঘটনাক যিমানেই নিন্দা কৰা নহওক কিয়, কিন্তু এই ঘটনাই মহিলাৰ সুৰক্ষাৰ বাস্তৱতাও উদঙাই দিয়ে৷ যদি দিল্লীৰ মুখ্যমন্ত্ৰী নিৰাপদ নহয়, তেন্তে এজন সাধাৰণ নাগৰিক বা এগৰাকী মহিলা কেনেদৰে সুৰক্ষিত হ’ব?

