নগাঁওৰ এজন ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱক। এই ব্যতিক্ৰমী যুৱক জনে নগাঁওৰ পৰা শদিয়ালৈ কৰি গৈছে চাইক্লিং। নগাঁওৰ পৰা শদিয়ালৈ গৈ আছে চাইকেল চলাই যুৱকজনে। প্ৰকৃতিক ভাল পোৱা যুৱক জনৰ নাম খনিন্দ্ৰ সপোন। প্ৰতিভাৱান যুৱক জনে প্ৰদুষণ মুক্ত সেউজ অসম গঢ়াৰ উদ্দেশ্য আগত ৰাখি সুদূৰ নগাঁওৰ পৰা শদিয়ালৈ এনেদৰেই চাইক্লিং কৰা বুলি জানিব পৰা গৈছে। আৰু আজি যুৱক জন টীয়কৰ কাকজানত উপস্থিত হয় আৰু কাকজানত উপস্থিত হৈ বৃক্ষ ৰোপণ কৰি শদিয়ালৈ পুণৰ যাত্ৰা আৰম্ভ কৰা পৰিলক্ষতি হয়। উল্লেখ যে যুৱক জনে পৰা পক্ষত নৱ প্ৰজন্মক চাইকেল চলাবলৈ আহ্বান জনাইছে। লগতে যুৱক জনে সেউজ অসম গঢ়াৰ সপোনো পুহি ৰাখিছে বুলি মন্তব্য আগৱঢ়াই সংবাদ মাধ্যমৰ আগত ।

