মুখ্যমন্ত্ৰীৰ হাতত পৰিল SITৰ প্ৰতিবেদন, এতিয়া কি হ’ব গৌৰৱ গগৈৰ ?

পাকিস্তানৰ সৈতে সাংসদ গৌৰৱ গগৈৰ সম্পৰ্ক আছে বুলি গুৰুতৰ অভিযোগ উথ্থাপন হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে গঠন কৰিছিল এটা বিশেষ তদন্তকাৰী গোট(SIT) । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ ১০ ছেপ্তেম্বৰত SITৰ প্ৰতিবেদনে গৌৰৱ গগৈৰ বিৰুদ্ধে উথ্থাপিত অভিযোগৰ সত্যসত্যতা ওলাই পৰিব বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছিল । তাৰেই পৰিপ্ৰেক্ষিটত বিগত সময়ত বিভিন্নজনে সাংসদ গৌৰৱ গগৈক “পাকিস্তানী এজেন্ট” অভিধাৰে তাচ্ছিল্যও কৰিছিল । গৌৰৱ গগৈৰ পত্নীয়েও ১৪বাৰকৈ পাকিস্তানলৈ যোৱা বুলি অভিযোগ উঠিছিল । গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈয়ো উদয় হৈছিল প্ৰশ্নৰ ।
সচাঁকৈয়ে পাকিস্তানৰ সৈতে লিংক আছে নেকি গৌৰৱ গগৈৰ ? এই উত্তৰ পাবলৈ সকলোৱে উৎসুকতাৰে বাট চাই ৰৈছিল ১০ ছেপ্তেম্বৰলৈ ।
অৱশেষত, সাংসদ গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্ভাব্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
লোকসেৱা ভৱনত এই প্ৰতিবেদন প্ৰদানৰ সময়ত বিশেষ তদন্তকাৰী গোটৰ সদস্যসকল ক্ৰমে মুন্না প্ৰসাদ গুপ্তা, ৰ’জী কলিতা, প্ৰণৱজ্যোতি গোস্বামী আৰু মৈত্ৰেয়ী ডেকা উপস্থিত থাকে।
পৰৱৰ্তী সময়ত SITৰ প্ৰতিবেদনৰ ভিত্তিত বিষয়টো কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ’ব ।
উল্লেখ্য যে, সমগ্ৰ বিষয়টো প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Related Articles