
Nupur Bora । দুৰ্নীতিৰ অভিযোগত আটক কৰা ACS নূপুৰ বৰা বৰ্তমান চিএম ভিজিলেঞ্চৰ জিম্মাত আছে। আজিৰ দিনতেই তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।
নূপুৰ বৰাৰ পিতৃ কমল বৰাই এক আবেগজনক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,
“নূপুৰ বৰাৰ মাতৃয়ে নিজকে শেষ কৰিছিল, ড্ৰাগছ আসক্ত হৈ ৩ মাহ পূৰ্বে মৃত্যু ঘটিছিল তাইৰ ভায়েকৰ। কন্যাক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলোঁ, পঢ়িবলৈ দিছিলোঁ, ভাল মানুহ হ’বলৈ দিছিলোঁ।”

তেওঁ লগতে কয়, “কন্যাই যদি অন্যায় কৰিছে, তাইক যি শাস্তি দিয়ে দিয়ক, মই কন্যাৰ শাস্তিৰ পক্ষপাতি।”
চিএম ভিজিলেঞ্চে ধৰা-পকড় অভিযানত নূপুৰ বৰাক আটক কৰি গুৱাহাটীলৈ আনিছিল। আজি আদালতে তেওঁক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব বুলি আশা কৰা হৈছে।

