Guwahati Crime News: জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!

জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰহাৰ যুৱকক।(Guwahati Crime News)


গুৱাহাটীৰ বামুণিমৈদাম ৰে’লৱে কলনীত যুৱকক হত্যা।


পূজাৰ আনন্দৰ মাজতে অবিনাশ নামৰ এজন যুৱকে জুবিন গাৰ্গৰ গান বজাবলৈ কৈছিল।

অবিনাশৰ দাবীত অগ্নিশৰ্মা হৈ সুৰজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫জনীয়া এটা দলে আক্ৰমণ কৰে অবিনাশক।


গুৰুতৰভাৱে আহত অৱস্থাত এখন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল অবিনাশক।


চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অবিনাশ ৰজকৰ।


আৰক্ষীয়ে ঘটনা সন্দর্ভত চলাইছে তদন্ত।

Related Articles