BAPS Swaminarayan Akshardham: বিশ্বৰ ২১ নং ভাষা হিচাপে সৎসংগ দীক্ষা গ্ৰন্থ অসমীয়ালৈ অনুবাদঃ জয়পুৰত দহ সহস্ৰ লোকৰ মাজত দিব্য উন্মোচন

বিশ্বৰ ভিতৰতে (BAPS Swaminarayan Akshardham) সনাতন ধৰ্মৰ সৰ্ববৃহৎ আৰু শক্তিশালী সংগঠন বিএপিএচ স্বামিনাৰায়ণ অক্ষৰধাম সংস্থাৰ সৰ্বোচ্চ সমাদৃত সংস্কৃত ধৰ্মগ্ৰন্থ সৎসংগদীক্ষাৰ অসমীয়া অনুবাদৰ সংস্কৰণ এটি জয়পুৰৰ স্বামিনাৰায়ণ মন্দিৰৰ দ্বিশতাব্দী মহোৎসৱত উন্মোচন কৰা হৈছে। যোৱা ৯ চেপ্তেম্বৰত বিএপিএচ স্বামিনাৰায়ণ সংস্থাৰ গুৰুহৰি, প্ৰকট ব্ৰহ্ম স্বামী শ্ৰীমহন্ত স্বামী মহাৰাজৰ কৰকমলৰ দ্বাৰা উন্মোচিত হোৱা সৎসংগ দীক্ষা গ্ৰন্থখন অসমীয়া ভাষালৈ অনুদিত হোৱাৰ পূৰ্বে পৃথিৱীৰ আন ২১ টা ভাষালৈ অনুবাদ হৈছিল।

উক্ত গ্ৰন্থখনৰ বিৰচক পূজ্য শ্ৰীমহান্ত স্বামী মহাৰাজ আৰু গ্ৰন্থখনৰ সংস্কৃত ভাষান্তৰ কৰিছিল নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰৰ স্বামিনাৰায়ণ গৱেষণা কেন্দ্ৰৰ সঞ্চালক, মহামহোপাধ্যায় ড: ভদ্ৰেশ দাস স্বামীজীয়ে । অসমীয়া ভাষালৈ ভাবাৰ্থ সহ অনুবাদ কৰাত মুখ্য ভূমিকা লোৱা অসম সৎসংগ মণ্ডলৰ সম্পাদক কুশল কলিতাই জয়পুৰৰ স্বামিনাৰায়ণ মন্দিৰত উপস্থিত থাকি শ্ৰীমহান্ত স্বামী মহাৰাজৰ দিব্য স্পৰ্শৰে এই গ্ৰন্থখনৰ উন্মোচনৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। উল্লেখযোগ্য যে বিএপিএচ স্বামিনাৰায়ণ অক্ষৰধাম সংস্থাৰ সুবিশাল হিন্দু সনাতন গ্ৰন্থ সমূহৰ মাজত সৎসংগ মণ্ডল অসমৰ উদ্যোগত এই গ্ৰন্থখনেই প্ৰথম খন গ্ৰন্থ হিচাপে অনুবাদিত হৈছে।

পূজ্য শ্ৰীমহান্ত স্বামী মহাৰাজৰ দ্বাৰা বিৰচিত এই গ্ৰন্থত ৩১৫ টা সংস্কৃত শ্লোক আছে । সংস্থাৰ অসম মণ্ডলৰ ক্ৰমে মহেন্দ্ৰ ডেকা, দীপক শৰ্মা আৰু তুলিকা চহৰীয়াই গ্ৰন্থখন অসমীয়া লিপিত আৰু ইয়াৰ ভাবাৰ্থ অসমীয়া ভাষাত লিখি সহযোগিতা আগবঢ়ায় । আনহাতে অসম মণ্ডলৰ অন্যতম সদস্য সঞ্জয় আগৰৱালাও জয়পুৰৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সংস্থাৰ সনাতনী উদ্দেশ্যলৈ পৃষ্ঠপোষকতা কৰে। উল্লেখযোগ্য যে বিশ্বৰ ভিতৰত পঞ্চাশ হাজাৰৰো অধিক সৎসংগ কেন্দ্ৰ থকা সংস্থাটোৰ অসমৰ ভিতৰতে একমাত্ৰ কেন্দ্ৰটো মঙলদৈত অৱস্থিত আৰু উক্ত কেন্দ্ৰৰ জৰিয়তে মঙ্গলদৈত এটি সুবিশাল হিন্দু স্বামিনাৰায়ণ মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

Related Articles