২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব অসম আৰক্ষীৰ দল

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যু ৰহস্যৰ তদন্তই নতুন গতি লাভ কৰিছে। অৱশেষত ছিংগাপুৰলৈ যোৱাৰ দিন ঠিক কৰিলে অসম আৰক্ষীয়ে । সেইমৰ্মে ২০ অক্টোবৰত অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হব । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰে ৷মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, জুবিন মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এছআইটিৰ দল ৷ ২০ অক্টোবৰত তদন্তকাৰী দলটো যাব ছিংগাপুৰলৈ বুলি অসমৰ পৰা ৰাওনা হ’ব ৷ এছআইটিৰ মুৰব্বী এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব আৰক্ষীৰ দলটো । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত কয় -“আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব । সেই উদ্দেশ্যে ২০ অক্টোবৰৰ দিনা দলটো ছিংগাপুৰলৈ ৰাওনা হ’ব ৷আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব ।” জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাস্থলী, ছিংগাপুৰলৈ নোযোৱাকৈ অসম আৰক্ষীয়ে কিদৰে ন্যায় দিব বুলি জুবিন অনুৰাগী আৰু বিৰোধীয়ে ৰাজ্যজুৰি কঠোৰ সমালোচনা কৰি আহিছিল অসম আৰক্ষী আৰু অসম চৰকাৰক । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰা দেখা গৈছিল ।ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বাক্সাত আৰক্ষীৰ লাঠীচালনা আৰু জুবিন গাৰ্গৰ হিংসাত্মককাণ্ড ঘটাৰ সময়তে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নতুন দিল্লীস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তক সাক্ষাৎ কৰি বৈঠকত মিলিত আছিল । তাৰ পিছতেই আজি (বৃহস্পতিবাৰ) অসমৰ গৃহ দপ্তৰৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ এছআইটিৰ দল ছিংগাপুৰত গৈ ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব৷

জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ দুদিনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত ছিংগাপুৰত অসম আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হ’ব ৷ ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি তথ্য লাভ কৰে , অসম আৰক্ষীৰ দলটোৱে ছিংগাপুৰলৈ যোৱাৰ পিছত ঘটনাস্থলীলৈ যাব পাৰিবনে নোৱাৰে সেয়া জানিবলৈ এতিয়া সকলোৱে অপেক্ষা কৰি আছে।

Related Articles