জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ,নিযুক্তি দিব বিশেষ চৰকাৰী অধিবক্তাক

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ ক্ষিপ্ৰ বিচাৰব্যৱস্থা নিশ্চিত কৰিবলৈ অসম চৰকাৰে ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। এই গোচৰটো একচেটিয়াভাৱে চম্ভালিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়া হ’ব।সূত্ৰসমূহে জনোৱা মতে, গোচৰটোৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলটোৱে তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু নৱেম্বৰৰ পিছত যিকোনো সময়তে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে।
প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি চৰকাৰৰ এই সিদ্ধান্তই ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
‘জুবিন জীয়াই থকাৰ সময়ত বহুতে তেওঁক বদনাম কৰিছিল।আজি তেওঁৰ মৃত্যুৰ পিছত একেখিনি মানুহেই তেওঁক দেৱতা হিচাপে পূজা কৰিছে।’-এক্সত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে।

তেওঁ লগতে কয়, ‘এইসকল প্ৰকৃত প্ৰশংসক নহয় – ভুৱা অনুৰাগী যাৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁৰ নাম ব্যৱহাৰ কৰি বিজেপিক আক্ৰমণ আৰু বিৰোধিতা কৰা।প্ৰকৃত মৰম আৰু সন্মান প্ৰদৰ্শন কৰা হয় যেতিয়া এজন ব্যক্তি জীয়াই থাকে, মৃত্যুৰ পিছত সুবিধাজনক হৈ পৰে তেতিয়া নহয়।”১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত পাঁচজন লোকক কঢ়িয়াই অনা কনভয়ত আক্ৰমণ চলোৱা জনসমাগমক আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰি ছত্ৰভংগ দিয়াবলগীয়া হৈছিল

Related Articles