১৯ অক্টোবৰত পূৰ হ’ব অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সন্দৰ্ভত গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ৰ বিশেষ ফেচবুক পোষ্ট

এদিন দুদিনকৈ প্ৰায় এমাহ বাগৰি গ’ল জুবিন বিহীন অসমৰ ৰাইজে পাৰ কৰা দিন।
১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ হ’ব । ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখেই ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ এক ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ এমহীয়া মৃত্যু তিথিত ৰাজ্যবাসীয়ে বিভিন্ন কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰিব। সেইমৰ্মে ১৮ আৰু ১৯ অক্টোবৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰত অনুষ্ঠিত হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।এনে সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকলৈ সামাজিক মাধ্যমযোগে এক পোষ্ট কৰিছে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ে ।

গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ এক ফেচবুক পোষ্টযোগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় তাৰ বাবে অনুৰোধ জনাইছে। । ফেচবুক পোষ্টটোত এনেদৰে কোৱা হৈছে- ”আমাৰ দৃষ্টিগোচৰ হৈছে যে, কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাকৈ অহা ১৮ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত উলুবাৰী উৰণ সেতুৰ তলত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আমাৰ অতিকৈ আদৰৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমাৰ অনুমতি ল’ব লাগিব বুলি কোনো কথা নাই । কিন্তু সেয়ে হ’লেও আমি এইটোও নিশ্চিত কৰিব লাগিব যে, এই অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় । এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ লতাশিল, চানমাৰি আদি মুকলি ফিল্ডত আয়োজন কৰিব পৰা যায় । আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ এনে হোৱা উচিত যাতে ইয়াৰ দ্বাৰা প্ৰেম, একতা আৰু সমন্বয়ৰ সোপান ৰচিত হয় আৰু সমূহ ৰাইজৰ বাবে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয় ।”ইপিনে কাইলৈ ১৮ অক্টোবৰৰ তাৰিখে পুৱা ৯ বজাৰ পৰা গুৱাহাটীৰ জোনালীতস্থিত “ডিজি মিউজিক”ত শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনাই নাম-প্ৰসংগ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related Articles