সফলভাৱে সম্পন্ন হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাতি বিহু পক্ষী গণনা ২০২৫

অসম চৰাই নীৰিক্ষণ নেটৱৰ্ক (Assam Bird Monitoring Network – ABMN) আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ যৌথ উদ্যোগত যোৱা ১৮ অক্টোবৰত “কাতি বিহু পক্ষী গণনা ২০২৫” সফলভাৱে সম্পন্ন হৈ যায়। এই আয়োজনৰ মূল উদ্দেশ্য আছিল চৰাই নিৰীক্ষণক উৎসাহিত কৰা, জীৱ-বৈচিত্র্য সংৰক্ষণ বিষয়ে সচেতনতা বৃদ্ধি কৰা আৰু স্থানীয় সমাজ, বিশেষকৈ মহিলা বনকৰ্মী আৰু যুৱপ্ৰজন্মক জড়িত কৰা। পক্ষীপ্ৰেমী, ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু বনবিভাগৰ কৰ্মচাৰীকে ধৰি মুঠ ৬৩ গৰাকী অংশগ্ৰহণকাৰীয়ে এই গণনাত অংশ গ্ৰহণ কৰে। পক্ষী গণনা কাৰ্যসূচী ক্ৰমে পানবাৰী সংৰক্ষিত বনাঞ্চলত ৰফিকুল ইছলাম, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সমৰজিৎ ওজা আৰু নিৰজ বৰা, বনবিভাগৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত পাণপুৰত ড° ৰঞ্জিত কাকতি, গামিৰি বনাঞ্চলত ৰাহুল শৰ্মা আৰু কাজিৰঙাৰ আগৰাতলি বনাঞ্চলত দাদুল গগৈৰ তত্ত্বাৱধানত মুঠ পাঁচটা প্ৰধান স্থানত চৰাই জৰীপ গণনা সম্পন্ন হয়। উল্লেখযোগ্য যে এ বি এম এন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পদক্ষেপ এক দৃষ্টান্ত হৈ ৰ’ল।

কিয়নো এ বি এম এন আৰু কাজিৰঙাই বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক জড়িত হোৱাৰ ক্ষেত্ৰত এয়া প্রথম যৌথ পদক্ষেপ হিচাপে গ্রহণ কৰে। চৰাই জৰীপত সৰ্বমুঠ ১৪৬ টা চৰাই প্ৰজাতি আৰু ১,৯১৯ টা অন্যান্য চৰাইৰ তথ্য পোৱা গৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলি বনাঞ্চলত সৰ্বাধিক ৮৯ প্রজাতিৰ তথ্য পোৱা গৈছে, তাৰ পিছতে গামিৰি আৰু পানবাৰীত ৫৯ টা, পাণপুৰত ৫৫ টা আৰু লাওখোৱাত ৩৭ টা চৰাই প্রজাতিৰ তথ্য লাভ কৰা গৈছে। লিপিবদ্ধ কৰা প্ৰজাতিসমূহৰ ভিতৰত দুটা বিপন্ন (শ্বোৱাম্প গ্রাছ বেবলাৰ আৰু পেলাছৰ মাছ ঈগল), ছটা অসুৰক্ষিত (ৰিভাৰ টার্ন, গ্ৰেটাৰ স্পটেড ঈগল, শ্লেণ্ডাৰ-বিল্ড বেবলাৰ, লেছাৰ এডজুটেন্ট, গ্রেট হর্নবিল আৰু শ্বৱাম্প ফ্রাংকলিন), ছটা বিপন্ন হোৱাৰ দিশে যোৱা (উলি-নেকড ষ্টর্ক, নর্ডার্ন লেপউইং, ব্লাছম-হেড পেৰাকিট, গ্রে-হেডেড ফিছ। ঈগল, স্পট-বিল্ড পেলিকান আৰু ৰিভাৰ লেপউইং)। আনহাতে বিপদ সংকুলতাৰ বাহিৰত ১৩২টা প্ৰজাতিৰ পক্ষী পোৱা গৈছে বুলি উদ্যান কর্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

গণনাত ব্লু-ইয়ার্ড বাৰবেট, ব্লুথ্ৰোট, গ্ৰে-হেডেড ফিশ ঈগল, গ্ৰে-হেডেড লেপউইং, গ্ৰে-হেডেড উডপেকাৰ, গ্ৰেট হৰ্নবিল, গ্ৰেটাৰ ৰেকেট-টেইল্ড ড্ৰংগো, ইণ্ডিয়ান স্পট-বিল্ড ডাক, জাৰ্ডন’স বজ়া, লেছাৰ এডজুটেন্ট, নৰ্দাৰ্ণ লেপউইং, ৰুবি-চীকড ছানবাৰ্ড, স্বেম্প ফ্ৰেংকলিন, টাইগা ফ্লাইকেচাৰ, স্বেম্প গ্ৰাছ বেব্ব্লাৰ, চেষ্টনাট-কেপ্ট বেব্ব্লাৰ, ছ্লেণ্ডাৰ-বিল্ড বেব্ব্লাৰ, প্যালাছ’স ফিশ ঈগল, স্পট-বিল্ড পেলিকান, গ্ৰেটাৰ স্পটেড ঈগল, উলি-নেকড্ ষ্টৰ্ক আৰু ব্লু-নেপড্ পিট্টাৰ দৰে বহু গুৰুত্বপূৰ্ণ আবাসিক আৰু পৰিভ্ৰমী পক্ষীৰ তথ্য লাভ কৰা হয়। বিশেষকৈ, স্বেম্প গ্ৰাছ বেব্ব্লাৰ (এটা বিপন্ন আৰু বিশেষ বাসস্থানৰ প্ৰজাতি), প্যালাছ’স ফিশ ঈগল আৰু গ্ৰেটাৰ স্পটেড ঈগলৰ উপস্থিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-বৈচিত্র্যৰ গুৰুত্বক প্ৰতিফলিত কৰিছে বুলিও উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। “কাতি বিহু পক্ষী গণনা ২০২৫” এক উল্লেখযোগ্য নাগৰিক-বিজ্ঞান (Citizen Science) উদ্যোগ হিচাপে সংৰক্ষণত জনসচেতনতা আৰু সামাজিক অংশগ্ৰহণ বৃদ্ধি কৰাত সহায়ক হোৱাৰ থল আছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আশাবাদী।

Related Articles