Breaking

ডাম্পাৰৰ দৌৰাত্ম্য-পাৰ্কিঙৰ অভাৱ-ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা

0 2,046

যান-জট নিয়ন্ত্ৰণৰ বাবে ট্ৰেফিক পইন্ট আছে যদিও যান বাহন আৰক্ষীৰ অভাৱৰ লগতে যান বাহন ৰখোৱা স্থানৰ অভাৱৰ বাবেই তীব্ৰ যান-যটৰ সমস্যাই দেখা দিছে জামুগুৰিহাটৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থলত৷যাৰবাবে এতিয়া যানজটৰ সমস্যা যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে জামুগুৰিহাটত ৷ সময়ৰ লগত খাপখোৱাকৈ ব্যৱসায়িক প্ৰতিস্থানৰ সংখ্যা দিনকদিনে ক্ৰমাৎ বৃদ্ধি পোৱাৰ উপৰিও জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থল নগৰলৈ ৰূপান্তৰিত হ’ল ৷ যদিও যানবাহনসমুহ নিয়ন্ত্ৰণৰ বাবে ট্ৰেফিক পুলিচৰ অভাৱ আৰু ব্যৱসায়িক কেন্দ্ৰস্থলৰ নিকটৱৰ্তী স্থানত নিৰ্দিষ্টকৈ গাড়ী পাৰ্কিংৰ সুবিধা নথকাৰ ফলত কেন্দ্ৰস্থলটোত দিনকদিনে যানজঁটৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে৷বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকৰ ঘৰতেই একোখনকৈ নিজাকৈ দুচকীয়া অথবা চাৰিচকীয়া বাহন থকাৰ বাবেই ব্যৱসায়িক কেন্দ্ৰস্থলটোলৈ বজাৰ সমাৰ কৰিবলৈ অহা লোকসকলে নিজৰ নিজৰ গাড়ী, মটৰচাইকেল সমূহ নিজৰ ইচ্ছানুযায়ী বিশৃংখলভাৱে ৰখাই থোৱাৰ ফলত ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজেদি দুখন বাহন একে সময়তে পাৰ হৈ যোৱাতো জটিল হৈ পৰিছে ৷ ইয়াৰোপৰি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কামত ব্যৱহৃত দৈনিক শতাধিক শিল-বালিভৰ্তি ডাম্পাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেদিয়েই অহা যোৱা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰীৰ লগতে যান-বাহনৰ গৰাকীসকলো ৷ ঠিক একেদৰে প্ৰতিদিনাই সন্ধিয়াৰ সময়ছোৱাৰ লগতে  ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ নাতিদূৰত প্ৰতি বৃহস্পতিবাৰে বহা সপ্তাহিক বজাৰৰ দিনটোত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলত অভাৱনীয় যান – জটৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ৷ এই যানজটৰ সমস্যাই কেন্দ্ৰস্থলটোৰ মাজেদি খোজকাঢ়ি আৰু চাইকেল লৈ জামুগুৰিহাটৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলকো যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পেলাই ভয়ংকৰ দূৰ্ঘটণা সংঘটিত হোৱাৰ আশংকাৰ ফালেও ঠেলি দিছে৷তাৰোপৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা সৰু বৰ গাড়ী, যাত্ৰীবাহি, বাছসমুহ জামুগুৰিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মূল ট্ৰেফিক পইন্টৰ কেকুঁৰিটোৰ ওচৰত চালকৰ নিজ খেয়ালখুচিমতে ৰখা আৰু অন্যান্য সৰু ব্যৱসায়িক যান বাহনসমুহো নিজ ইচ্ছামতে ৰখোৱাৰ বাবেই বিগত সময়চোৱাত কেবাটাও দূৰ্ঘটনা সংঘটিত হৈছে৷ঠিক একেদৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজেৰে শেহতীয়াকৈ পৰ্যটনৰ থলী হিচাপে স্বীকৃতি লাভ কৰা পাণপুৰঘাট, চকীঘাট আৰু গমিৰিপাললৈ যোৱা পথ তিনিটাৰ মধ্যম স্থানত সম্প্ৰতি ট্ৰেফিক পুলিচৰ অভাৱৰ বাবেই বিশৃংখলভাৱে চাইকেল, মটৰচাইকেল, চাৰিচকীয়া বাহন আদি ৰখাই থোৱাত যিকোনো সময়তেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে৷বিশেষকৈ প্ৰতিদিনেই যানজটৰ সমস্যাই এতিয়া গুৰুত্বৰ ৰূপ ধাৰণ কৰা জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলত এই সমস্যা দূৰ কৰিবৰ বাবে ট্ৰেফিক পুলিচ মোতায়েন কৰাৰ লগতে সংশ্লিষ্ঠ বিভাগক পৰিকল্পিত ভাৱে পাৰ্কিং ৰ  ব্যৱস্থা কৰি শীঘ্ৰে এই গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰান পোৱাবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে৷উল্লেখ্য যে পূৰ্ৱে জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ট্ৰেফিক পইন্টত ট্ৰেফিকৰ দায়িত্ব কেবাগৰাকীও গৃহৰক্ষী জোৱানে সুচাৰুৰূপে পালন কৰিছিল যদিও যোৱা ডেৰ বছৰ ধৰি জামুগুৰিহাটত যান বাহন নিয়ন্ত্ৰণৰ বাবে দেখা পোৱা ন’গল এগৰাকীও ট্ৰেফিক পুলিচ ৷

Leave A Reply