Roi Roi Binale: ‘Dynamic Pricing’ৰ বাবে বৃদ্ধি হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য

‘Dynamic Pricing’ৰ বাবে (Roi Roi Binale) বৃদ্ধি হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য। টিকটৰ দাম বৃদ্ধিক লৈ চৰ্চা চলি থকাৰ মাজতে টীম ৰৈ ৰৈ বিনালেৰ টীমৰ স্পষ্টীকৰণ। ছবিগৃহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ছবিখনৰ ক্ষেত্ৰত ‘Dynamic Pricing’প্ৰযোজ্য নকৰিবলৈ আহ্বান টীম ৰৈ ৰৈ বিনালেৰ। পূৰ্ব নিৰ্ধাৰিত দামতেই ‘ৰৈ ৰৈ বিনালে’ৰ টিকট সংগ্ৰহ কৰিব পাৰিব বুলিও উল্লেখ টীমৰ।

সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে টীমে জনাই যে-

“ৰৈ ৰৈ বিনালে”ৰ টিকেটৰ মূল্য বৃদ্ধিক লৈ চলি থকা চৰ্চা সমূহ দেখি আমি পিভিআৰ, চিনেপলিছ্ আৰু অন্যান্য ছবিগৃহ সমূহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলোঁ।

এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে “Dynamic Pricing”। অৰ্থাৎ, কোনো এখন ছবিৰ টিকেট বুকিং যেতিয়া ৬০% সম্পূৰ্ণ হয় তেতিয়া ছবিখনৰ টিকটৰ দাম বৃদ্ধি পায়, পৰৱৰ্তী ৮০% বুকিং হ’লে তেনেদৰেই আকৌ বৃদ্ধি পায়। এই “Dynamic Pricing” সকলো চিনেমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়।

সেয়েহে, আমি এই সময়ত ছবিগৃহৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে “ৰৈ ৰৈ বিনালে”ৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি হ’ব নালাগে আৰু “Dynamic Pricing” আমাৰ ছবিখনৰ সৈতে প্ৰযোজ্য কৰিব নালাগে। কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক ১-২ ঘণ্টাৰ ভিতৰত আপোনালোকে পূৰ্ব নিৰ্ধাৰিত দামতেই “ৰৈ ৰৈ বিনালে”ৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

টীম ৰৈ ৰৈ বিনালে

Related Articles