নগাঁও পৌৰসভা এলেকাত নতুনকৈ নিৰ্মাণ কৰা কুৰিটাকৈ পথৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ৰাইজৰ বাবে মুকলি কৰি দিয়া পথ সমূহ হৈছে ক্ৰমে নগাঁও পৌৰসভাৰ ১৭ নং মহলাৰ এম জি পথৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ উপপথ, বেবীলেন পথ, আই টি আইৰ সমীপৰ ৩ নং উপপথ, পিয়লি ফুকন উপপথ, এ টি ৰোডৰ প্ৰণৱ প্ৰিন্টাৰ্চৰ সমীপৰ উপপথ, নগাঁও অসামৰিক চিকিৎসালয়ৰ দক্ষিণ দিশৰ পথ, কচলুখোৱা ৰাস পথাৰৰ সমীপৰ পথ,শ্বহীদ কুশল কোঁৱৰ মাধব নগৰ উপপথ আৰু চকীটুপ উপপথ। আনহাতে পৌৰসভা এলেকাৰ ১৮ নং মহলাৰো কেইবাটাও নবনিৰ্মিত পথৰ শুভাৰম্ভ কৰে বিধায়ক শৰ্মাই।পথ সমূহ হৈছে ক্ৰমে সেউজ পথ, পৰমানন্দ পথ, মনমোহন পথ, ২নং দত্ত পথ, বি এড কলেজ উপপথ, নামঘৰ পথ, মুক্তি পথ, নেতাজী পথ, শীলপট্টি পথ আৰু পৰোজ বৰা পথ।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে নগাঁও বি এড কলেজৰ এটি নবনিৰ্মিত শ্ৰেণীকোঠাও উদ্ধোধন কৰে। ৰাইজৰ বাবে পৌৰসভা এলেকাৰ পথ সমূহ মুকলি কৰি বিধায়ক শৰ্মাই কয় : আমাৰ কাৰ্যকালত নগাঁও চহৰৰ বাট, পথ নলা , নৰ্দমাকে ধৰি সকলো ক্ষেত্ৰতে এক নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে। চহৰখনৰ বাসিন্দা সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আমাৰ কাৰ্যকালত সমাধানৰ চেষ্টা কৰা হৈছে। প্ৰকৃতাৰ্থত নগাঁৱত এক উন্নয়নৰ যাত্ৰা আৰাম্ভ হৈছে।পৰবৰ্তী সময়তো উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ চেষ্টা কৰি যাম। ইপিনে মুকলি কৰা পথ সমূহে ৰাইজৰ যাতায়ত সূচল কৰি তুলিব বুলিও বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…